গৰৈমাৰী : মধ্যাহ্ন ভোজনৰ (Midday Meal) নামত কি খাইছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে? ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সমূহত মধ্যাহ্ন ভোজনৰ নামত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে খাইছে বৰবিহ। কোনোবা এখন বিদ্যালয়ত যদি গেলা চাউল, কোনোবা এখনত আকৌ প্লাষ্টিকৰ চাউল।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সমষ্টি ধেমাজি জিলাৰ জোনাইৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক গেলা চাউল ৰান্ধি মধ্যাহ্ন ভোজনৰ খাদ্য খাবলৈ দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত এইবাৰ প্লাষ্টিকৰ চাউল ওলাইছে এখন বিদ্যালয়ত। মধ্যাহ্ন ভোজনৰ নামত কণ কণ ছাত্ৰ-ছাত্ৰীক বৰবিহ খাবলৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গৰৈমাৰীৰ হাঁহচৰী প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ বাবে প্লাষ্টিকৰ চাউল যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। খাদ্য আৰু অসামৰিক যোগান বিভাগে কণ কণ ছাত্ৰ-ছাত্ৰীক বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।

মধ্যাহ্ন ভোজন তৈয়াৰ কৰাৰ বাবে ৰান্ধনীয়ে চাউল ধুই থকা অৱস্থাত পোহৰলৈ আহে প্লাষ্টিকৰ চাউল যোগান ধৰাৰ ঘটনা। মধ্যাহ্ন ভোজনৰ নামত যোগান ধৰা চাউলখিনি ধুই থকা অৱস্থাত চাউলখিনি পানীত ওপঙি থকা দেখিয়েই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত সৃষ্টি হয় অথন্তৰ। পিছত স্থানীয় গাঁও প্ৰধানৰ সহযোগত গৰৈমাৰী চক্ৰ বিষয়াৰ নিৰ্দেশনাত জোৰশিমুলী আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

বিদ্যালয়খনত মজুত থকা তিনি কুইণ্টল চাউল জোৰশিমুলী আৰক্ষীয়ে জব্দ কৰি লৈ যায়। জানিব পৰা মতে, চাউলখিনি পৰীক্ষা-নিৰিক্ষা কৰিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগক চক্ৰ বিষয়াই দায়িত্ব অৰ্পণ কৰিছে। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তদন্তৰ পিছতে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।