বিলাসীপাৰা, ২৮ জুন, ২০২৩ : দীর্ঘদিন অপেক্ষাৰ অন্তত অৱশেষত ন্যায় প্ৰাপ্তি। ২৪ বছৰে ন্যায়ৰ (Justice after 24 Year) অপেক্ষাত আছিল দুটাকৈ পৰিয়াল। ২৪ বছৰ পিছত আদালতৰ ৰায়দানে ন্যায় দিলে পৰিয়াল দুটাক। ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি ২৪ বছৰ পিছত ন্যায় লাভ কৰি আদলতক ধন্যবাদ জ্ঞাপন পৰিয়াল দুটাৰ। ১০ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদলতে।

২৪ বছৰ পিছত ন্যায় পালে ধুবৰী জিলাৰ চাপৰৰ দুটা পৰিয়ালে। ২৪ বছৰে ন্যায়িক যুঁজ চলি থকাৰ অৱশেষত বুধবাৰে (২৮ জুন) ন্যায় লাভ কৰিলে মৃত সাহাৰ আলী আৰু জহৰ আলীৰ পৰিয়ালে। ঈদৰ এদিন পূৰ্বে ন্যায় লাভ কৰি আদালত তথা ন্যায়িক ব্যৱস্থাক ধন্যবাদ জ্ঞাপন কৰিলে মৃত সাহাৰ আলী আৰু জহৰ আলীৰ পৰিয়াল আৰু আত্মীয়ই। ভূমি কেন্দ্ৰিক বিবাদৰ বাবে নৃশংস হত্যাৰ বলি হৈছিল সাহাৰ আলী আৰু জহৰ আলী।

বুধবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা সত্ৰ ন্যায়াধীশ আদালতে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে ।ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদৰ এদিন পূৰ্বে হত্যাকাণ্ডৰ অভিযুক্ত ১০ জনকৈ অপৰাধীক যাৱজ্জীবন কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে বিলাসীপাৰা মহকুমা সত্ৰ ন্যায়াধীশ আদালতে। উল্লেখ্য যে ১৯৯৯ চনত ধুবুৰী জিলাৰ চাপৰৰ চান্দিৰপাৰা গাঁৱত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ভূমি কেন্দ্ৰিক বিবাদৰ বাবে সাহাৰ আলী আৰু জহৰ আলী নামৰ দুজন লোকক কেইবাজনো লোকে মিলি অতি নৃশংসভাৱে হত্যা কৰিছিল।

১৯৯৯ চনৰ ২১ জুন তাৰিখে সাহাৰ আলী আৰু জহৰ আলী নামৰ লোক দুজন বজাৰৰ পৰা চান্দিৰপাৰাস্থিত ঘৰলৈ গৈ থকা অৱস্থাত কেইজনমান লোকে দুয়োকে অতি নৃশংসভাৱে হানি-খুচি হত্যা কৰি দুয়োৰে মৃতদেহ টুকুৰা টুকুৰ কৈ পেলাই।দিছিল। এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত চপৰ আৰক্ষী থানাত ১৪৭/১৪৮/১৪৯/৩০২/২০১ ধৰাৰ অধীনত ৬৫/১৯৯৯ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল। চপৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত চলাই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ১২ জনক গ্ৰেপ্তাৰ কৰিছিল। বিগত ২৪ বছৰ ধৰি আদলতত বিচাৰ চলি থকা উক্ত হত্যাকাণ্ডৰ অৱশেষত ৰায়দান প্ৰদান কৰি অভিযুক্ত সকলক যাৱজ্জীবন কাৰাদণ্ড বিহে আদলতে।

সাহাৰ আলী আৰু জহৰ আলীৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত ছায়েদ আলী, ইছমাইল সেখ, লালচান আলী, সিৰাজ আলী, ইজ্জত আলী, হাছেন আলী, আখেৰ আলী, হবিবৰ ৰহমান, ওৱাহাব আলী আৰু জামাল উদ্দিনক আদালতে যাৱজ্জীবন কাৰাদণ্ড বিহে। আনহাতে দুজন অভিযুক্তৰ মৃত্যু হয় বিচাৰধীন অৱস্থাত। অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতীয়াৰ বিচাৰ পীঠে এই ৰায়দান প্ৰদনা কৰে। আদলতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰি আদালতক ধন্যবাদ জ্ঞাপন কৰে সাহাৰ আলী আৰু জহৰ আলীৰ পৰিয়ালে।