আজিজ আলী

মুকালমুৱা : মুকালমুৱাত পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত দুজন লোক আহত হৈছে। তীব্ৰ বেগী ফৰটুনাৰ গাড়ীয়ে খুন্দাত মাৰে এখন বাইকত। ফৰটুনাৰ গাড়ীৰ খুন্দাত বাইক আৰোহী দুজন আহত হৈছে।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ শনিৰোডত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মুকালমুৱা দিশৰ পৰা গৈ থকা এখন বাইকত পিছফালৰ পৰা তীব্ৰ বেগী ফৰটুনাৰ বাহন এখনে খুন্দা মৰাত বাইকখনত থকা দুজন আৰোহী আহত হৈছে।

এএছ-২৫-এল-১৪৮৫ নম্বৰৰ ফৰটুনাৰ গাড়ীখনে বাইকখনক পিছফালৰ পৰা খুন্দা মৰাত নিয়ন্ত্ৰণ হেৰুৱাই বাইকখন বিপৰীত দিশৰ পৰা আহি থকা যাত্ৰীবাহী টেম্পু এখনত খুন্দা মাৰে। ফলত বাইকখনত থকা দুয়োজন আৰোহী আহত হয়।

আহত বাইক আৰোহী দুজনক ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে ইমদাদুল হক নামৰ লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।