যোৰাবাট : পুনৰ যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ অভিযান। এইবাৰ মেঘালয়ত চলিল যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ অভিযান। মেঘালয়ত অভিযান চলাই যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে উদ্ধাৰ কৰিলে এখন চুৰিৰ বাহন। কিছুদিন পুর্বে যোৰাবাট আৰক্ষীয়ে ৮ জনকৈ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰি ৪ খনকৈ বাহন জব্দ কৰিছিল।

যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কিপল পাঠকৰ আন এক সাফল্য। শনিবাৰে কামৰূপ জিলাৰ ছায়গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে এইবাৰ উদ্ধাৰ কৰিলে এখন চুৰিৰ চাৰি চকীয়া বাহন। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ লাটুম্বাইত যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এই সাফল্য লাভ কৰে।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে পূব জয়ন্তীয়া পাহাৰৰ লাটুম্বাইত অভিযান চলাই চুৰিৰ এখন বলে’ৰ বাহন উদ্ধাৰ কৰে। চুৰিৰ বাহনখন উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে এজন আন্তঃৰাজ্যিক গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত আন্তঃৰাজ্যিক গাড়ী চোৰজনৰ নাম হুইংচেষ্টাৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে আৰক্ষীয়ে ৮ জনীয়া গাড়ী চোৰৰ এটা দলক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছিল ৪ খনকৈ বাহন।

উক্ত গাড়ী চোৰ কেইজনক জেৰা চলাই চলাই আৰক্ষীয়ে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। গাড়ী চোৰ কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা লাটুম্বাইত অভিযান চলাই চুৰিৰ বলে’ৰ বাহনখন উদ্ধাৰ কৰাৰ লগতে এজন গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে। এই পৰ্যন্ত যোৰাবাট আৰক্ষীয়ে ৯ জনকৈ দুধর্ষ আন্তঃৰাজ্যিক গাড়ী চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ খনকৈ চুৰিৰ বাহন উদ্ধাৰ কৰিছে। পৰৱৰ্তী সময়ত যোৰাবাট আৰক্ষীয়ে আৰু অধিক চুৰিৰ গাড়ী উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে।