সংবাদ ৩৬৫ ডেস্ক : পুনৰ অশান্ত হোৱাৰ দিশত নেকি বড়োভূমি ? পুনৰ বড়োভূমিত নিৰাপত্তাহীনতাত ভুগিছে সৰ্বসাধাৰণ ৰাইজ। শনিবাৰে নিশা দুটাকৈ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে বড়োভূমিত। কোকৰাঝাৰ আৰু চিৰাংত দুৰ্বৃত্তৰ গুলীত আহত হৈছে দুজনকৈ লোক।

কোকৰাঝাৰ জিলাৰ চেফাংগুৰিৰত এজন গেলামাল দোকানীক লক্ষ্য কৰি দুৰ্বৃত্তই শনিবাৰে নিশাৰ ভাগত গুলী চালনা কৰে। অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীত আহত হয় সুনীল মণ্ডল নামৰ এজন গেলামাল দোকানী। সুনীল মণ্ডলৰ বুকুত গুলী লাগিছে। সুনীল মণ্ডলক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে কেএলঅ’ই কিছুদিন পুর্বে গেলামাল দোকানী সুনীল মণ্ডলক ফোনযোগে ধন দাবী কৰিছিল। সুনীল মণ্ডলে ধন দিবলৈ অস্বীকাৰ কৰাত হত্যাৰ ভাবুকি দিয়া হৈছিল সুনীল মণ্ডলক। সুনীল মণ্ডলে কেএলঅ’ ধন দাবী কৰা বুলি আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সুনীল মণ্ডলৰ পৰিয়ালৰ লোকে।

ইফালে চিৰাং জিলাৰ আমটেকা বজাৰত সংঘটিত হৈছে আনটো গুলী চালনাৰ ঘটনা। অনিল ঈশ্বৱাৰী নামৰ এজন লোকক লক্ষ্য কৰি দুৰ্বৃত্তই গুলী চালনা কৰে। নিশা শুই থকা অৱস্থাত দুৰ্বৃত্তই অনিল ঈশ্বৱাৰীক গুলীয়াই। অনিল ঈশ্বৱাৰীৰ বুকু আৰু হাতত গুলী লগা বুলি জানিব পৰা গৈছে। বঙাইগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অনিল ঈশ্বৱাৰীক।