জোনমণি বেগম

বিশ্বনাথ : শিক্ষকৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত এজন ছাত্ৰ।
বিশ্বনাথৰ বাপুজী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ শিক্ষকৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত। নিশা জিনজিয়া আৰক্ষীয়ে আটক কৰে ছাত্ৰক প্ৰহাৰ কৰা শিক্ষক মুস্তাফিজুৰ ৰহমানক। আহত ছাত্ৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

শিক্ষকৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হ’ল বিশ্বনাথৰ বাপুজী হাইস্কুলৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ। গোপন অংগত আঘাত পোৱাৰ ফলত ছাত্ৰজন প্ৰস্ৰাৱ কৰিব নোৱাৰা হৈ পৰাত শনিবাৰে নিশা ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।বিশ্বনাথৰ বালিপুখুৰীস্থিত বাপুজী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অনুপম দেংৰী আৰু সতীৰ্থৰ মাজত যোৱা শুকুৰবাৰে বিদ্যালয়তে সংঘটিত হৈছিল কাজিয়া।

সেই সময়তে মুস্তাফিজুৰ ৰহমান নামৰ বিদ্যালয়ৰ শিক্ষক গৰাকী উপস্থিত হৈ প্ৰহাৰ কৰিছিল ছাত্ৰজনক। ইয়াৰ পিছৰ পৰাই ছাত্ৰজন ঘৰত গৈ অসুস্থ হৈ পৰে।পৰিয়ালৰ লোকে প্ৰথমে বাঘমাৰি চাহ বাগিচাৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে যদিও লাহে লাহে ছাত্ৰজনৰ স্বাস্থ্যৰ অধিক অবনতি ঘটে।আনকি ছাত্ৰজন শনিবাৰৰ পৰা গুপ্তাংগৰ বিষত প্ৰস্ৰাৱ ত্যাগ কৰিব নোৱাৰা হৈ পৰে।

শনিবাৰে নিশা ছাত্ৰজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ অনা হৈ যদিও ছাত্ৰজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকৰ পৰামৰ্শমতে উন্নত চিকিৎসাৰ বাবে নিশাই তেজপৰলৈ প্ৰেৰণ কৰা হয় ছাত্ৰজনক। আনহাতে ছাত্ৰজনৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জিনজিয়া আৰক্ষীয়ে নিশা আটক কৰে শিক্ষক মুস্তাফিজুৰ ৰহমানক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।