গুৱাহাটী : (Book Fair) কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ‘ছেফটিপিন’ শীৰ্ষক এখন কাব্যগ্ৰন্থ শুকুৰবাৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে। আন এগৰাকী গল্পকাৰ-সাংবাদিক পংকজ কুমাৰ দত্তৰ গ্ৰন্থ লাঙাদেও উন্মোচন কৰা হয় গ্ৰন্থ মেলাত।

উন্মোচকৰ ভাষণত কবি নীলিম কুমাৰে কয় ‘ছেফটিপিন পুৰুষে ব্যৱহাৰ নকৰে। নাৰীয়ে জানে ছেফটিপিনৰ প্রয়োজনীয়তা।গতিকে এইখন নাৰীকেন্দ্ৰিক কবিতা পুথি হ’ব বুলি অনুমান কৰিব পাৰি। ৰঞ্জিত পাটগিৰীয়ে দীর্ঘদিন ধৰি কবিতা লিখি আহিছে। তেওঁৰ কবিতা সহজ-সৰল। সকলো পাঠকে বুজি পোৱা ধৰণে ৰঞ্জিতে কবিতা লিখা ‘। ইফালে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ‘অসমীয়া প্ৰতিদিন’ৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয় ‘ৰঞ্জিত পাটগিৰি যিমান সহজ-সৰল ল’ৰা, সিমানে তেওঁৰ কবিতাও সহজ। ৰঞ্জিত পাটগিৰীয়ে কবিতাৰে এচাম পাঠক সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে.’।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কাব্য সমালোচক বিপুল শৰ্মাইও বক্তব্য ৰাখে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া, কবি জোনমনি দাস, মানসজ্যোতি, দ্বীপৰাজ, ৰাহুল গৌতম শৰ্মা, অভিজিত বৰা, মন্দিৰা গগৈকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। ইফালে কাব্য সংকলন ‘ছেফটিপিন’ সন্দৰ্ভত কবি ৰঞ্জিত পাটগিৰিয়ে জনোৱা অনুসৰি গ্ৰন্থখনত বিগত প্ৰায় এটা দশকত লিখা বহু কেইটা কবিতা সন্নিবিষ্ট কৰা হৈছে। বিশেষকৈ কবিতা পুথিখনত সন্নিবিষ্ট প্ৰায়ভাগ কবিতাই প্ৰেমৰ কবিতা। গ্ৰন্থখনত থকা কবিতাসমূহ পঢ়ি পাঠকে এক সুকীয়া কাব্যৰস পাব বুলি কবি পাটগিৰিয়ে উল্লেখ কৰে।

গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে ভাষা প্ৰকাশনে। ইফালে প্ৰকাশক মুকুট শৰ্মাইও ‘ছেফটিপিন’ কাব্যগ্ৰন্থখন পাঠকে আদৰি ল’ব বুলি আশা ব্যক্ত কৰে। আনফালে অসমীয়া ভাষাৰ প্ৰথম থিমেটিক গল্প সংকলন উন্মোচন কৰা হয় গ্ৰন্থ মেলাৰ বাকৰিত। গল্পকাৰ-সাংবাদিক পংকজ কুমাৰ দত্তৰ গ্ৰন্থ লাঙাদেও উন্মোচন কৰা হয় গ্ৰন্থ মেলাত। বড়ো, ৰাভা, হাজং, চিংফৌ, কোচ ৰাজবংশী, টাংছা, কুকি মিজো চিন, গাৰো, মিছিং আদি সমাজৰ পটভূমিত অসমীয়া ভাষাত লিখিত ৮ টা গল্প সংকলিত হোৱা এই কিতাপখনৰ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড০ ধ্ৰুৱজ্যোতি বৰা, গৰীয়সীৰ সম্পাদক ড০ ৰীতা চৌধুৰী, প্ৰসিদ্ধ শিল্পী বীৰেণ সিংহ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী, হাজং সাহিত্য সভাৰ উপ সভাপতি ৰতন কুমাৰ ৰায় হাজঙ আৰু ইছমাইল হুছেইনে।

গ্ৰন্থমেলাথলীত প্ৰকাশন গোষ্ঠী ৰীডছ ফেক্টৰীৰ বিপণীত উন্মোচন কৰা হয় কিতাপখন। জনগোষ্ঠীয় পটভূমিত লৈ ৰচিত গল্পৰ এই সংকলনখন অসমীয়া ভাষাত থিমেটিক সংকলনৰ প্ৰথম প্ৰয়াস বুলি মন্তব্য কৰিলে ড০ ধ্ৰুৱজ্যোতি বৰাই। জনগোষ্ঠীয় জীৱন কাহিনীৰ ভাণ্ডাৰ বুলি মন্তব্য কৰিলে শিল্পী বীৰেণ সিংহই। কমলাকান্ত মুছাহাৰী ৰতন ৰায় হাজঙ, ইছমাইল হুছেইনে পংকজ কুমাৰ দত্তৰ গল্পশৈলী আৰু জনজাতীয় জীৱন অংকনত পাৰদৰ্শিতাক প্ৰশংসা কৰে।