মানকাচৰ : পাঁচটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীৰ জাকে (Wild Elephant Terror)। মেঘালয়ৰ বানাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে চলালে তাণ্ডৱ। ভঁৰালৰ ধান খাই তহিলং কৰি আক্ৰমণ চলালে এজনক। বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন কৃষক।

ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। দিনক দিনে ৰাজ্যত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আছে।

বনৰীয়া হাতী আৰু মানুহৰ মাজৰ এই সংঘাতৰ ফলত দুয়ো পক্ষৰে ব্যাপক ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। এফালে যদি বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকৰ মৃত্যু হৈছে, আনফালে এই সংঘাতত মৃত্যুৰ মুখত পৰিছে কেইবাটাও বনৰীয়া হাতী। বিগত বৰ্ষত গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ মাজত হোৱা এই সংঘাতৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছে।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বনঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে গোৱালপাৰা জিলাত বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই থকাৰ মাজতে এইবাৰ দক্ষিণ শালমাৰা- মানকাচৰ জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে মেঘালয়ৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে। বিগত কিছুদিন ধৰি মাকচৰত বনৰীয়া হাতীৰ এটা জাকে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ।

কিছুদিন পুর্বে কুচনীমাৰাৰ উপদ্ৰব চলোৱা মেঘালয়ৰ বনৰীয়া হাতীৰ জাক এটা শুকুৰবাৰে নিশা ঝাওডাঙ্গাত তাণ্ডলীলা চলায়। বনৰীয়া হাতীৰ জাকটোৱে পাঁচটা পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতি সাধন কৰে। বনৰীয়া হাতীৰ জাকটোৱে বহু লোকৰ ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে এজন লোকক আক্ৰমণ চলাই আহত কৰে।