শদিয়া, ২১ জুন, ২০২৩ : ভয়ংকৰ পথ দুর্ঘটনা। থিতাতে নিহত দুজন যুৱক (Two killed in a road accident)। আহত দুজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। এখন ছুইফট বাহনে খুন্দা মাৰে ডাম্পাৰত। ছুইফট বাহনখনত আছিল যুৱক চাৰিজন। দুর্ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বুধবাৰে (২১ জুন) পুৱাৰ ভাগত এক ভয়ংকৰ পথ দুর্ঘটনাত দুজন যুৱক থিতাতে নিহত হয়। পথ দুর্ঘটনাটোত আন দুজন যুৱক গুৰুত্বৰভাৱে আহত হয়। এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাত। যুৱক চাৰিজনৰ ছুইফট বাহনখনে এখন ডাম্পাৰত খুন্দা মৰাত দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে দুজন যুৱক গুৰুত্বৰভাৱে অহাত হয়।

তিনিচুকীয়া জিলাৰ শদিয়াৰ ছৈখোৱাত ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাৰ ভাগত এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। এএছ-০৪-ডব্লিউ-৫৮৫৬ নম্বৰৰ দুঘটনাগ্ৰস্ত ছুইফট বাহনখন শদিয়াৰ দিশৰ পৰা আহি আছিল। ছুইফট বাহনখনে বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰত খুন্দা মাৰে। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হোৱা যুৱকদুজন ক্ৰমে ৰিপুঞ্জয় ফুকন আৰু সুকল্যান বৰুৱা।

আনহাতে পথ দুর্ঘটনাটোত গুৰুত্বৰ আহত হোৱা যুৱক দুজন হৈছে ৰিপুণ সোণোৱাল আৰু অজন্ত বৰুৱা। আহত যুৱক দুজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। দুর্ঘটনাত পতিত হোৱা বাহনখনত থকা আটাইকেইজন যুৱকৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে। দুর্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

পুৱাৰ ভাগতে ভয়ংকৰ পথ দুর্ঘটনাত দুজন যুৱক থিতাতে নিহত হোৱা লগতে দুজন যুৱক গুৰুত্বৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে যোৱা ১৬ জুনত তিনিচুকীয়াৰ ডিগবৈত এক ভয়ংকৰ পথ দুর্ঘটনাত একেটা পৰিয়ালৰ তিনিজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে এজন লোক গুৰুত্বৰভাৱে আহত।হৈছিল। আনহাতে ১৮ জুনত কাকপথাৰৰ আমগুৰিত এখন মটৰ চাইকেল দুর্ঘটনা পতিত হৈ তিনিজন বন্ধু নিহত হৈছিল।