সোণতলী : দক্ষিণ কামৰূপৰ সোণতলী বাছ আস্থানত নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বাছ আস্থানত ৰখাই থোৱা এখন বাছত নিশা প্ৰায় ১১:৩০ বজাত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ড। দাওদাওকৈ জ্বলি উঠে নাৰ্গিছ নামৰ বাছখন৷ বাছখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন হয়। 

শুকুৰবাৰে নিশাৰ ভাগত দক্ষিণ কামৰূপৰ সোণতলী বাছ অৱস্থানত সংঘটিত হোৱা এক অগ্নিকাণ্ডত নাৰ্গিছ নামৰ এখন বাছখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। নিশা ১১:৩০ বজাত অগ্নিকাণ্ডত ভস্মীভূত হোৱা নাৰ্গিছ নামৰ বাছখনৰ পঞ্জীয়ন নম্বৰ এ এছ-২৫-এচি-৯২৫৩ বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ক্ষন্তেক সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে সম্পূৰ্ণ বাছখনক।

অগ্নিকাণ্ডৰ পিছতে ৰাইজ আতংকিত হৈ পৰে। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন হয়। ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ লোক পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজ ক্ষোভিত উঠে। কেনেকৈ বাছখনত জুইৰ সূত্ৰপাত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে বৃহত্তৰ সোণতলী বজাৰত ইয়াৰ পূৰ্বেও কেইবাবাৰো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। পূৰ্বেও অগ্নিকাণ্ডত বহু দোকান ভস্মীভূত হৈছিল সোণতলী বজাৰত। এইবাৰো ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কামৰূপ জিলাৰ ভিতৰত সৰ্ববৃহৎ সোণতলী বজাৰ৷ স্থানীয় ৰাইজে সোণতলীত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপনৰ দাবী জনাইছে।