শিলচৰ : যোৰাবাট আৰক্ষীয়ে আটক কৰা ডকাইতক গুলীয়ালে কাছাৰ আৰক্ষীয়ে। শনিবাৰে গুৱাহাটীৰ যোৰাবাট আৰক্ষীয়ে আটক কৰি কাছাৰ আৰক্ষীক গতাই দিয়া ডকাইতক গুলীয়ালে কাছাৰ আৰক্ষীয়ে। তিনিজনকৈ দুধর্ষ ডকাইতক যোৰাবাট আৰক্ষীয়ে আটক কৰিছিল। দুজন ডকাইত থিততে নিহত। 

শনিবাৰে মহানগৰী গুৱাহাটীৰ কাষৰীয়া অঞ্চল যোৰাবাটত এক অভিযান চলাই যোৰাবাট আৰক্ষীয়ে তিনিজনকৈ দুধর্ষ ডকাইতক আটক কৰিছিল। কাছাৰ জিলাৰ ডকাইত তিনিজন ক্ৰমে কামৰুল ইছলাম, আনোৱাৰ হুছেইন আৰু আব্দুল হুছেইন বৰভূঞা। ইয়াৰে দুজন ডকাইত থিতাতে নিহত হৈছে কাছাৰ আৰক্ষীৰ গুলীত।

নিহত ডকাইত দুজন কামৰুল ইছলাম আৰু আব্দুল হুছেইন বৰভূঞা। কাছাৰ আৰক্ষীৰ কবলৰ পৰা ডকাইত দুজন পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ডকাইত দুজনক গুলীয়াই। আৰক্ষীৰ গুলীত থিতাতে নিহত হয় ডকাইত দুজন। কাছাৰত কেইবাটাও ডকাইতিকাণ্ডৰ লগতে বিভিন্ন অপৰাধমূলক ঘটনাৰ লগত জড়িত আছিল নিহত ডকাইত দুজন।

উল্লেখ্য যে শনিবাৰে পুৱাৰ ভাগত যোৰাবাট আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই তিনিজন দুধর্ষ ডকাইতক আটক কৰিছিল। যোৰাবাট আৰক্ষীয়ে এখন তেল পৰিবাহী টেংকাৰত তালাচী চলাই ডকাইত তিনিজনক আটক কৰিছে। কামৰুল ইছলাম, আনোৱাৰ হুছেইন আৰু আব্দুল হুছেইন বৰভূঞা নামৰ ডকাইত তিনিজনক আটক কৰি কাছাৰ আৰক্ষীক গতাই দিছিল যোৰাবাট আৰক্ষীয়ে।