গুৱাহাটী : দেশৰ অন্যতম চিমেণ্ট ব্ৰেণ্ড মেক্স চিমেণ্টে শেহতীয়াকৈ অসমৰ বৰাক উপত্যকাৰ শিলচৰৰ ১০০০ বানপীড়িত পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসহ সাহায্য সামগ্ৰী ভৰ্তি ট্ৰাকৰ ফ্লেগ অফ কৰে। বৰাক উপত্যকাৰ বিধ্বংসী বান পৰিস্থিতিৰ কথা মনত ৰাখি মেক্স চিমেণ্টে গুৱাহাটীত তেওঁলোকৰ কাৰ্যালয়ৰ চৌহদৰ পৰা শিলচৰলৈ খাদ্য আৰু অন্যান্য সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে।

খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বোৰ বৰাক উপত্যকাৰ জিলা প্ৰশাসনক হস্তান্তৰ কৰা হৈছে আৰু ইয়াক অঞ্চলটোৰ ১০০০ বানপীড়িত পৰিয়াললৈ বিতৰণ কৰা হ’ব। খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সন্দৰ্ভত মন্তব্য কৰি উপাধ্যক্ষ আৰু পৰিচালনা সঞ্চালক বিনীত আগৰৱালে কয়, “প্ৰয়োজনৰ সময়ত মেক্স চিমেণ্ট এই অঞ্চলৰ লোকসকলক সেৱা আগবঢ়োৱাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ। আমি বৰাক উপত্যকাৰ বানপীড়িত লোকসকলৰ বাবে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ কাম আৰম্ভ কৰিছো যিটো শেহতীয়া প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত অন্যতম।”

এই উপলক্ষে ভাষণ প্ৰদান কৰি মেক্স চিমেণ্টৰ কাৰ্যবাহী সঞ্চালক প্ৰকাশ আগৰৱালে কয় যে আমি আমাৰ দেশৰ প্ৰতিজন নাগৰিকক আগবাঢ়ি আহি অঞ্চলটোৰ বানপীড়িত সকলৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছো। এসপ্তাহ ধৰি জলমগ্ন হৈ থকা শিলচৰ চহৰত, বিভিন্ন ক্ষেত্ৰত সকাহ প্ৰদান কৰাৰ প্ৰচেষ্টা চলি আছে য’ত প্ৰশাসন এতিয়াও উপনীত হোৱা নাই। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা অনুসৰি, কেৱল বৰাক উপত্যকাত বানপানীৰ ফলত ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।