গুৱাহাটী : চলিত বৰ্ষৰ ৮ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকচ প্ৰতিযোগিতা। অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ সভাপতিত্বত ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাৰ আৰম্ভণিতে অসম এথলেটিকচ সন্থাৰ সাধাৰণ সম্পাদক অশোক ভৰালীয়ে সভাত অংশগ্ৰহণ কৰা ৩৫ গৰাকী বিষয়-ববীয়াক আদৰণি জনাই মন্তব্য ৰাখে। উক্ত সভাতেই সিদ্ধান্ত মৰ্মে আগন্তুক প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলৰ পঞ্জীয়নৰ মাচুল ১০০ টকা নিৰ্ধাৰণ কৰে।

অংশগ্ৰহণ কৰিবলগীয়া জিলাসমূহৰ খেলুৱৈ সকলৰ প্ৰৱেশ পঞ্জীয়ন অনলাইন মাধ্যমেৰে ২২ ফেব্ৰুৱাৰীৰ পুৱা ১২ বজাত আৰম্ভ হৈ ২ মাৰ্চৰ নিশা ১২ বজাত সামৰণি পৰিব। আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে ইভেন্ট সমূহৰ অৰ্হতাৰ মানদণ্ড ২১ তাৰিখৰ ভিতৰত মুকলি কৰিব অসম এথলেটিকচ সন্থাই।

প্ৰতিযোগিতাৰ প্ৰতিটো কাৰ্যসূচীত জিলা ক্ৰীড়া সন্থা সমূহৰ সম্পূৰ্ণ সহযোগিতা কামনাৰ লগতে ২২ ফেব্ৰুৱাৰীত জিলা সমূহলৈ প্ৰতিযোগিতাৰ সম্পূৰ্ণ নিয়মাৱলী প্ৰেৰণ কৰা হ’ব। এই সম্পৰ্কে জানিবলৈ দিয়ে অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সাধাৰণ সম্পাদক অশোক ভৰালীয়ে।