গুৱাহাটী : অসমবাসীৰ বাবে ভাল খবৰ। অসমৰ সন্তান মহাৰাষ্ট্ৰৰ মহাধিবক্তাৰূপে নিযুক্তি লাভ কৰিছে। মহাৰাষ্ট্ৰৰ মহাধিবক্তাৰূপে নিযুক্তি লাভ কৰিছে সুযোগ্য অসম সন্তান বীৰেন্দ্ৰ ছৰাফে (Virendra Saraf)।

সদ্য পদত্যাগী মহাধিবক্তা আশুতোষ কুম্ভাকোনীৰ স্থানত অসম সন্তান বীৰেন্দ্ৰ ছৰাফক নিযুক্তি দিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জগত সিং কোছিয়াৰীয়ে। উল্লেখ্য যে, বীৰেন্দ্ৰ ছৰাফ হৈছে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ প্ৰয়াত ড০ বি পি ছৰাফৰ কনিষ্ঠ পুত্ৰ আৰু জ্যেষ্ঠ অধিবক্তা ড০ অশোক ছৰাফৰ কনিষ্ঠ ভাতৃ।

গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল বীৰেন্দ্ৰ ছৰাফে। তাৰ পিছতে তেওঁ মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি পৰৱৰ্তী সময়ত জুডিচিয়েল ইণ্টাৰভেনছন ইন আৰবিট্ৰেছন ইন ইণ্ডিয়া’ শীর্ষক বিষয়ত পিএইচ ডি লাভ কৰিছিল। ২০২০ চনৰ ফেব্ৰুৱাৰীত জ্যেষ্ঠ অধিবক্তাৰ মৰ্যাদা লাভ কৰা ছৰাফে বিগত ২৫ বছৰ ধৰি বোম্বে উচ্চ ন্যায়ালয়ত ওকালতি কৰি আহিছে।

বোম্বে উকীল সন্থাৰ সম্পাদক ৰূপে তেওঁ ৬ বছৰ কাল কাৰ্যনিৰ্বাহ কৰাৰ লগতে সম্প্ৰতি সন্থাৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈ আছে। ইফালে মহাৰাষ্ট্ৰৰ পূৰ্বৰ মহাধিবক্তা আশুতোষ কুম্ভাকোনীয়ে পদত্যাগ কৰাৰ পিছতে মঙলবাৰে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে বীৰেন্দ্ৰ ছৰাফক পৰৱৰ্তী মহাধিবক্তা ৰূপে নিযুক্তিৰ বাবে অনুমোদন জনাইছিল।