গুৱাহাটী : গুৱাহাটী মহানগৰীৰ পৰিবহন খণ্ডত নতুনকৈ সংযোজন হোৱা এ.এন.টু কেব সেৱাৰ (New Cab Service) শুকুৰবাৰে শুভাৰম্ভনি হয়। মহানগৰীৰ পাঞ্জাবাৰী পথৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যলয় প্ৰেক্ষাগৃহত অনু্ষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত এ.এন.টু কেব সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ অবসৰপ্ৰাপ্ত আয়ুক্ত সচিব বীৰেন ফুকনে।

শুভাৰম্ভণি ভাষণত সচিবগৰাকীয়ে কয় যে ‘ক্ৰমবৰ্ধিত জনসংখ্যা আৰু বাণিজ্যিক অভিকেন্দ্ৰ হৈ পৰা গুৱাহাটী মহানগৰীত অনাগত দিনত এই সেৱাই সাধাৰণ ৰাইজক যাতায়তৰ ক্ষেত্ৰত বহুলভাৱে উপকৃত কৰিব। সম্পূৰ্ণভাৱে স্থানীয় প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত এই সেৱাই মহানগৰীত সাধাৰণ ৰাইজ আৰু গাড়ী চালক উভয়কে উপকৃত কৰি তুলিব বুলি বক্তব্য প্ৰদাণ কৰে এ.এন.টু কেবৰ সঞ্চালক নাজিৰ হুছেইনে।

উল্লেখযোগ্য যে বহুৰাষ্ট্ৰীয় কোম্পানীৰ দ্বাৰা পৰিচালিত এই কেব ব্যৱস্থাত প্ৰায়েই সৰ্বসাধাৰণ ৰাইজে দূৰ্ভোগ ভুগি থকা বুলি অভিযোগ শুনিবলৈ পোৱা যায়। এ.এন.টু কেব সেৱাই এই সকলোবোৰ দিশলৈ লক্ষ্য ৰাখি ন্যুনতম খৰচত জনসাধাৰনলৈ উত্‍কৃষ্টতম সেৱা আগবঢ়াব বুলি মন্তব্য প্ৰদাণ কৰে এ.এন.টু কেবৰ সঞ্চালক গৰাকীয়ে। লগতে তেওঁ কয় যে গ্ৰাহকে নিজৰ স্মাৰ্টফোনটোৰ দ্বাৰা ‘এ.এন.টু কেব’ এপচটো ডাউনলোড কৰি প্ৰত্যক্ষভাৱে নিজৰ বাহন বুক কৰাৰ লগতে নিজৰ গন্তব্যস্থানলৈ ভ্ৰমণ সুনিশ্চিত কৰিব পাৰিব।

ভাড়াৰ ক্ষেত্ৰত সকলো অনলাইন মাধ্যমতে পৰিশোধ কৰাৰ সুবিধা থকাৰ লগতে সাধাৰণ শ্ৰেণীৰ পৰা ভি.আই.পিলৈকে কেইবাটাও শ্ৰেণীত গ্ৰাহকে নিজৰ বাহন বুক কৰিব পাৰিব। এই সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ‘ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক’ দিপ্লু ৰঞ্জন শৰ্মা আৰু জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াইও ভাষণ প্ৰদাণ কৰে। মহানগৰীৰ কেইবাটাও কেবচালক সন্থাৰ বিষয়ববীয়াকে ধৰি তিনি শতাধিক কেবচালকেও এই সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানটো সঞ্চালনা কৰে জনপ্ৰিয় অভিনেত্ৰী তথা লেখিকা তন্ত্ৰালী মূৰ্ছনাই।