Ajij Ali
মুকালমুৱা : বৰক্ষেত্ৰীত দিবা-নৈশ ভলীবল প্ৰতিযোগীতা (Volleyball)। বৰক্ষেত্ৰীৰ কচুৱা নিউষ্টাৰ ক্লাবৰ উদ্যোগত আয়োজন কৰা হয় দিবা-নৈশ ভলীবল প্ৰতিযোগীতা। সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। 

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কচুৱা নিউষ্টাৰ ক্লাবৰ উদ্যোগত অয়োজন কৰা হয় এখন দিবা-নৈশ ভলীবল প্ৰতিযোগীতা। প্ৰথম দিনাৰ খেল অনুষ্ঠিত হয় কাপলাবড়ী ভলীবল দল বনাম বনপুৰা টাইগাৰ ক্লাব দলৰ মাজত।

নিউষ্টাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা দিবা-নৈশ ভলীবল প্ৰতিযোগীতাৰ উদ্বোধনী খেলখনত কাপলাবড়ী ভলীবল দলক পৰাস্ত কৰি বনপুৰা টাইগাৰ ক্লাব ভলীবল দলে জয় লাভ কৰে। প্ৰৱল শীতকো নেওচি নিশা ভলীবল খেল উপভোগ কৰিবলৈ অসংখ্য দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়।

খেলখন উদ্বোধন কৰে বিশিষ্ট সমাজ কৰ্মী জিয়াউৰ ৰহমানে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সভাপতি নাচিউদ্দিন প্ৰধানী, নুলৰু হক, সচিব কেকান কাপলাবড়ী, ৰুবুল আলীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি। খেল উদ্বোধনীৰ সময়ত কৃষ্ণা শৰ্মাৰ গীতে দৰ্শক সকলৰ বিপুল সঁহাৰি লাভ কৰে।