Moinul Haque
ৰঙিয়া : ৰান্ধনী ঘৰত লুকুৱাই ৰাখিছিল পিষ্টলসহ সজীৱ গুলী (Pistol Recover)। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিলে পিষ্টল আৰু সজীৱ গুলী। দুজন দুৰ্ধৰ্ষ চিলনী চোৰৰ ৰান্ধনী ঘৰৰ পৰা উদ্ধাৰ পিষ্টল আৰু সজীৱ গুলী।

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা। চুৰি, ডকাইতি, হত্যাৰ ধৰে ঘটনা প্ৰতিদিনে সংঘটিত হৈ আছে। বিগত কিছুদিন ধৰি মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘনাই সংঘটিত হোৱা পৰিলক্ষিত হৈছে চিলনী চোৰৰ উপদ্ৰব।

কিছুদিন পূৰ্বে ৰঙিয়া চহৰত এগৰাকী ছাত্ৰীৰ বেগ কাঢ়ি পলায়ন কৰিছিল বাইকত অহা দুই চিলনী চোৰ। ৰাজ্যত অপৰাধজনীত ঘটনা ৰোধ কৰিবলৈ এইবাৰ কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। অপৰাধী বিৰুদ্ধে তীব্রতৰ অভিযান আৰম্ভ।কৰিছে আৰক্ষীয়ে। ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই দুজনকৈ দুৰ্ধৰ্ষ চিলনী চোৰক গ্ৰেপ্তাৰ কৰিছে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰঙিয়া আৰক্ষীয়ে আতিকুৰ ইছলাম আৰু তচনুৰ আলী নামৰ দুজন দুৰ্ধৰ্ষ চিলনী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ৰঙিয়া আৰক্ষীয়ে চিলনী চোৰ দুজনৰ ৰান্ধনী ঘৰত অভিযান চলাই দুটা পিষ্টল আৰু সজীৱ গুলীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত চিলনী চোৰ দুজনৰ ঘৰ কঞাঁত বুলি জানিব পৰা গৈছে। ধৃত চিলনী চোৰ দুজনৰ বিৰুদ্ধে পূৰ্বেও কেইবাটাও গোচৰ ৰুজু হৈ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে চিলনী চোৰ দুজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।