নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ অক্টোবৰ : ১৫ অক্টোবৰৰ ভিতৰত ভেৰিফিকেশ্যন কৰিব লাগিব আপোনাৰ ভোটাৰ আই ডি। যোৱা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে এই নতুন প্ৰক্ৰিয়া। ভোটাৰৰ তালিকা আপডেট আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগে হাতত লৈছে এই বিশেষ পদক্ষেপ।

ভোটাৰ আই ডি ভেৰিফিকেশ্যন এতিয়া আপুনি ম’বাইল ফোনৰ জৰিয়তেও কৰিব পাৰিব। তাৰ কাৰণে আপুনি প্লে ষ্ট’ৰৰ পৰা ডাইনলোড কৰিব লাগিব ‘ভোটাৰ হেল্প লাইন’ নামৰ ম’বাইল এপ।তাৰ পিছত ক্লিক কৰিব লাগিব ই ভি পি অপচনত। ই ভি পিত আপুনি দিব লাগিব নিজৰ ম’বাইল নম্বৰ আৰু পিছত  ম’বাইললৈ অহা অ টি পি নিৰ্দিষ্ট স্থানত এণ্টাৰ কৰিব লাগিব। তাৰ পিছতে ডিচপ্লে হ’ব এখন নতুন স্ক্ৰীণ। তাত থাকিব তিনিটা নতুন অপচন ক্ৰমে  ছাৰ্চ বাই বাৰ কড, ছাৰ্চ বাই ডিটেইলছ, ছাৰ্চ বাই ই পি আই চি নম্বৰ। ইয়াৰে  ই পি আই চি নম্বৰ লাভ কৰিব আপোনাৰ নিজৰ ভোটাৰ কাৰ্ডত। নম্বৰ টো এণ্টাৰ কৰাৰ পিছত আহিব দুটা অপচন, এটা হ’ল ভেৰিফাই আৰু আনটো মডিফাই। ক্লীন কৰক ভেৰিফাইত। তাত আপুনি লাভ কৰিব আধাৰ, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চকে ধৰি বিভিন্ন অপচন, আৰু তাৰে যিকোনো এখন ফটো আপলোড কৰি অকে অপচনত ক্লীক কৰিলেই ভেৰিফাই হ’ব আপোনাৰ ভোটোৰ আইডি।

অনলাইনৰ জৰিয়তে কিদৰে কৰিব ভোটাৰ আই ডি ভেৰিফিকেশ্যন।

লগ অন কৰক ‘এন ভি এছ পি’ পৰ্টেল বা ভোটেছ হেলপিং এপ। ইয়াৰ জৰিয়তে আপুনি নিজৰ নাম, পৰিয়ালৰ সবিশেষ, ঠিকনা উল্লেখ কৰিব পাৰিব। তাৰ পিছতে এখন ফৰ্ম পূৰণ কৰি পৰ্টেলটোত ‘চাবমিত’ কৰিব লাগিব।৬ আৰু ৭ নম্বৰ ফৰ্মখনৰ জৰিয়তে নাম ভুল থাকিলে শুদ্ধ কৰি আকৌ চাবমিত কৰিব  পাৰিব।

সেইদৰে অফলাইনৰ জৰিয়তেও কৰিব পৰা যাব ভেৰিফিকেশ্যন। প্ৰত্যেক সমষ্টিতে ইতিমধ্যে স্থাপন কৰা হৈছে এন ভি এছ পিৰ কেন্দ্ৰ। যাৰ সহায়ত সমগ্ৰ প্ৰক্ৰিয়াটো শুদ্ধ কৈ কৰিব পৰাৰ সুবিধা আগবঢ়োৱা হৈছে।