গুৱাহাটী, ১২ জুন ২০২৩ : পানী যোগানৰ পাইপ ফাটি (Water pipe blast) গুৱাহাটীত সোমবাৰে দুপৰীয়া পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হোৱা ঘটনাত গভীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে হাজাৰৰো অধিক কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পত ইমান গুৰুতৰ কাৰিকৰী বিসংগতি থকাটো আশ্চৰ্যকজনক৷

লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয়, “১৮ দিনৰ ব্যৱধানত খাৰঘুলি আৰু ৰাজগড়়ত দুটাকৈ বৃহৎ জল বিস্ফোৰণ আৰু উক্ত সময়ছোৱাত মালিগাঁও, উত্তৰ গুৱাহাটী, নৱগ্ৰহ আৰু নাৰেংগীত আন চাৰিটা মজলীয়া ধৰণৰ জল বিস্ফোৰণ সংঘটিত হোৱাটোৱে পানী যোগান প্ৰকল্প নিৰ্মাণত বৃহৎ কাৰিকৰী বিসংগতি থকাৰ কথাটোকে প্ৰমাণ কৰে৷ জাইকা আৰু লুই বাৰ্জাৰ কেলেংকাৰীয়ে কলুষিত কৰা গুৱাহাটীৰ পানী যোগান প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আৰম্ভণিৰে পৰা উঠি আহিছিল৷ এতিয়া কাৰিকৰী বিসংগতিৰ কথাটোও ওলাই পৰিল৷ গতিকে ইয়াৰ ন্যায়িক আৰু কাৰিকৰী উভয় দিশত উচ্চ পৰ্যায়ৰ তদন্ত হোৱা প্ৰয়োজন৷”

পানী যোগান প্ৰকল্প নিৰ্মাণৰ অনুমোদন, ঠিকা-উপঠিকা আৱন্টন আৰু সামগ্ৰী ক্ৰয় আদি ক্ষেত্ৰত সংঘটিত অনিয়মৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে দুৰ্নীতি-অনিয়মৰ ন্যায়িক তদন্তৰ সমান্তৰালকৈ কাৰিকৰী অনিয়ম আৰু গাফিলতিৰ বিষয়টো তদন্ত কৰিবলৈ আই আই টি তথা অন্য কাৰিকৰী সংস্থাৰ নিৰপেক্ষ বিশেষজ্ঞসকলক লৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি তাৰ দ্বাৰা কাৰিকৰী তদন্ত কৰোওৱাৰ প্ৰয়োজন৷ ন্যায়িক আৰু কাৰিকৰী উভয় দিশৰ তদন্ত বিচাৰি জাতীয় পৰিষদে অহা দুই-এদিনত অসমৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি জাতীয় পৰিষদৰ নেতাদ্বয়ে আজি প্ৰেছ বিজ্ঞপ্তিযোগে সদৰামিন কৰে৷

উল্লেখ্য যে সোমবাৰে দুপৰীয়াৰ ভাগত ৰাজগড় আৰু জু-ৰোডৰ সংযোগী পথত পানীৰ পাইপত বিস্ফোৰণ ঘটি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। পানীৰ পাইপ ফুটি পানী ঢৌৱে সমগ্ৰ অঞ্চলটো ডুবাই পেলোৱাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। পানীৰ লগত ওলাই অহা শিল পৰি কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু ব্যৱসায়ীক প্ৰতিষ্ঠানত পানী সুমাই কেইবালক্ষাধিক টকাৰ সামগ্ৰী অনিষ্ট হয়। ইয়াৰ লগতে অঞ্চলটো বহু ঘৰ এআঁঠু পৰ্যন্ত পানীত ডুব যায়। অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱা নাই। ঘটনাৰ পিছতে স্থানীয় ৰাইজে ক্ষোভিত হৈ চৰকাৰ তথা জিলা প্ৰশাসনক তীব্ৰ সমালোচনা কৰে।

জিলা প্ৰশাসন লোক ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণ ঘটা পানীৰ পাইপটো মেৰামতি কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে মহানগৰীৰ খাৰঘুলি অঞ্চলটো জলৱৰ্ডৰ এটা পানীৰ পাইপত ভয়ংকৰ বিস্ফোৰণ ঘটিছিল। খাৰঘুলিৰ জয়পুৰ অঞ্চলত ঘটা পানীৰ পাইপৰ বিস্ফোৰণৰ পিছত সমগ্ৰ অঞ্চলটোত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। পানীৰ ঢৌৱে উটুৱাই নিছিল বহু লোকৰ ঘৰ। এই ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল কেইবাজনো লোক। ক্ষতি সাধন হৈছিল বহুকেইখন বাহনৰ।