আজিজ আলী

ৰঙিয়া : ৰঙিয়া আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী। ৰঙিয়াত নকল সোণসহ গ্ৰেপ্তাৰ ৬ জনকৈ নকল সোণৰ ব্যৱসায়ী। ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই উৎসাত কৰে নকল সোণ ব্যৱসায়ীৰ এটা বৃহৎ চক্ৰ। অধিক তথ্যৰ বাবে ৰঙিয়া আৰক্ষীৰ জেৰা অব্যাহত আছে। 

ৰঙিয়াত নকল সোণ বিক্ৰী কৰা এটা বৃহৎ চক্ৰৰ ৬ জনকৈ সদস্য ৰঙিয়া আৰক্ষীৰ জলত। ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপৰ এটি ভাড়া ঘৰৰ পৰা ৰঙিয়া আৰক্ষীয়ে উৎসাত কৰে এই বৃহৎ চক্ৰটো। আৰক্ষীয়ে চক্ৰটোৰ ৬ জনকৈ সদস্যক এখন নকল সোণৰ নাও আৰু এটা যিশুৰ মূৰ্তিসহ গ্ৰেপ্তাৰ কৰে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰঙিয়া আৰক্ষীয়ে
নকল সোণৰ ব্যৱসায়ীৰ চক্ৰটোৰ পৰা কেইবাটাও মোবাইল ফোন আৰু নগট ধনো জব্দ কৰিবলৈ সক্ষম হয়। নকল সোণৰ ব্যৱসায়ী চক্ৰটোৰ ৬ জন সদস্য লক্ষীমপুৰৰ পৰা নকল সোণৰ নাও আৰু যিশুৰ মূৰ্তি বিক্ৰী কৰিবলৈ আহিছিল।

ধৃত নকল সোণৰ ব্যৱসায়ী চক্ৰটোৰ সদস্য কেইজন ক্ৰমে গুলজাৰ হুছেইন, আইনুদ্দীন, মফিজুদ্দীন ৰহমান, মতিবুৰ ৰহমান, ছাদ্দাম হুছেইন আৰু আমিৰ হুছেইন। সম্প্ৰতি অধিক তথ্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ী চক্ৰটোৰ সদস্য ৬ জনক মাৰাথন জেৰা চলাই আছে।