ৰঙিয়া : আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহৰ (International Wild Animal Smuggler) চক্ৰ উৎসাত। চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কেংগাৰু, চিম্পাঞ্জি, কাছ, ভাটৌ আৰু বিভিন্ন প্ৰজাতিৰ বান্দৰ (Wild Animals Seized)। দুখন বিলাসী বাহনেৰে বন্যপ্ৰাণী কেইটা বহিঃৰাজ্যলৈ নি থকা অৱস্থাত আৰক্ষীৰ অভিযানত উদ্ধাৰ।

আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহৰ এক বৃহৎ চক্ৰ উৎসাত কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে পুৱতি নিশা এক অভিযান চলাই আৰক্ষীয়ে এই সাফল্য লাভ কৰে।বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰটোৰ কবলৰ পৰা আৰক্ষীয়ে বহু বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৰঙিয়া আৰক্ষীয়ে এই বৃহৎ সাফল্য লাভ কৰিছে।

বৃহস্পতিবাৰে পুৱতি নিশা ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়া আৰক্ষীৰ এটা দলে অভিযান চলাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ পৰা বহু বন্যপ্ৰাণী উদ্ধাৰ কৰে। ৰঙিয়াৰ চোছাইটি চকত দুখন ভি আই পি বাহনত তালাচী চলাই ৰঙিয়া আৰক্ষীয়ে বহু বন্যপ্ৰাণী উদ্ধাৰ কৰি বন্যপ্ৰাণী সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ দুজন সদস্যক আটক কৰে। এখন ফৰ্চুনাৰ আৰু এখন ইন’ভা বাহনত বন্যপ্ৰাণী কেইটা আন হৈছিল।

ৰঙিয়া আৰক্ষীয়ে বাহন দুখনৰ পৰা উদ্ধাৰ কৰা বন্যপ্ৰাণী কেইটাত আছে ২ টা কেংগাৰু, ২ টা চিম্পাঞ্জি, ১৯ টা বিভিন্ন প্ৰজাতিৰ বান্দৰ, ১৮ কাছ আৰু ২ টা ভাটৌ চৰাই। বন্যপ্ৰাণী কেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত কেইবা কোটি টকা মূল্য হ’ব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।আৰক্ষীৰ জালত পৰিছে তামিলনাডু থানেৰ ৰঘু সিঙ আৰু ভিলিপুৰমৰ কাৰ্থিক নামৰ দুজন বন্যপ্ৰাণী সৰবৰাহকাৰী।

বাহন দুখন মিজোৰামৰ সীমাৰ বন্যপ্ৰাণী কেইটা আনি দিল্লী অভিমুখে গৈ থকা সময়ত ৰঙিয়া আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি বাহন দুখন জব্দ কৰে। উল্লেখ্য যে বন্যপ্ৰাণী সৰবৰাহত গ্ৰেপ্তাৰ হোৱা এজন লোকে নিজকে সেনা বাহিনীৰ বিষয়া বুলি পৰিচয় দি পৰিচয় পত্ৰ দেখুৱাইছে। অধিক তথ্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে লোক দুজনক জেৰা অব্যাহত ৰাখিছে।