গুৱাহাটী : অপেক্ষাৰ অন্ত পৰিছে! বহু প্রতিক্ষীত এপ’লৰ পৰৱৰ্তী প্ৰজন্মৰ স্মার্টফোন আইফোন (iPhone 14) ১৪ মুকলি কৰা হৈছে। বিশেষ অনুষ্ঠানত এপ ‘ল নতুন আইফোন ১৪ মুকলি কৰাৰ পিছত, অতি সোনকালে ই ভাৰতৰ লগতে গুৱাহাটীত উপলব্ধ হ’ব।

এই প্রিমিয়াম স্মাৰ্টফোনৰ প্রি বুকিঙৰ বাবে, কেৱল উলুবাৰী আৰু পল্টন বজাৰত থকা ইন টাছ আউটলেটত বিশেষ ব্যৱস্থা কৰা হৈছে। আইফোন ১৪ ইন টাছৰ প্রি বুকিং কৰা গ্ৰাহকে নিশ্চিত ৰোমাঞ্চকৰ উপহাৰ লাভ কৰিব। এই সন্দৰ্ভত শ্বৰূমৰটোৰ স্বত্বাধিকাৰী পংকজ সুৰানাই কয় যে, আইফোন ১৪ ৰ যিকোনো মডেল প্রি বুকিং কৰা গ্ৰাহকে ১,৯৯৮ টকাৰ উপহাৰ পাব। গতিকে এই সুযোগটো লওক আৰু আজি আপোনাৰ নতুন আইফোন ১৪ বুকিং কৰক আৰু কেৱল ইন টাছৰ পৰা উপহাৰ গ্ৰহণ কৰক।

তেওঁ কয় যে এই ক্ষেত্ৰত গ্ৰহকে সহজে ই এম আইৰ লগতে এক্সচেঞ্চ অফাৰৰ সুবিধা লাভ কৰিব। নতুনকৈ মুকলি কৰা আইফোন বিভিন্ন মডেল হৈছে আইফোন ১৪, আইফোন ১৪ প্লাছৰ বিভিন্ন ভেৰিয়েন্ট বিশেষ কৈ ১২৮ জিবি, ২৫৬ জিবি আৰু ৫১২ জিবি এই আইফোন ৭৯,৯০০ টকাৰ এমআৰপিত অৰম্ভণিত উপলব্ধ হ’ব। আইফোন ১৪ প্ৰ আইফোন ১৪ প্র’ মেক্স ১২৮ জিবি, ২৫৬ জিবি, ৫১২ জিবি আৰু ১ টিবি ভেৰিয়েণ্টত এই আইফোন ১,২৯,৯০০ টকাৰ আৰম্ভণি এমআৰপিত উপলব্ধ হ’ব।

এই সকলোবোৰ মডেল বিভিন্ন ৰঙ যেনে নীলা, পাৰপেল, মিডনাইট, ষ্টাৰ লাইট আৰু প্ৰডাক্ট ৰেড ৰঙত উপলব্ধ। আনহাতে এপ’লৰ আই পেড এয়াৰ, এয়াৰপডছ প্ৰ ছেকেণ্ড জেনেৰেশ্যন আৰু এপ’লৰ ঘড়ী চিৰিজ ৮ অতি সোনকালে আমাৰ শ্বৰূমত উপলব্ধ হ’ব।

নতুন আইফোন ১৪ লাইনআপ ভাৰতত আৰু লগতে ১৬ ছেপ্টেম্বৰ তাৰিখৰ পৰা মহানগৰীৰ ইন টাছত উপলব্ধ হ’ব। গতিকে সোনকালে আপোনাৰ নতুন আইফোন ১৪ বুক কৰক আৰু কেৱল ইন টাছত বহুতো ৰোমাঞ্চকৰ পুৰস্কাৰ পাওক। শেহতীয়াকৈ টাইমছ গ্ৰুপৰ দ্বাৰা ইন টাছে লিডিং ম’বাইল ষ্টোৰ’ হিচাপে স্বীকৃতি লাভ কৰিছে।