জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতি সাধন কৰে। এগৰাকী বৃদ্ধাৰ বাসগৃহত আক্ৰমণ চলাওঁতে কথমপি প্ৰাণ ৰক্ষা পৰে বৃদ্ধা গৰাকীক। বন বিভাগৰ লোক বনৰীয়া হাতীৰ জাকটোক খেদি পঠায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ়্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বিগত কিছুদিন ধৰি বিশ্বনাথৰ লগতে বিহালীৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে। শনিবাৰৰ নিশাও বিশ্বনাথৰ দক্ষিণ মৰলগাঁও, মধ্য মৰলগাঁও, উত্তৰ মৰলগাঁও, জাপৰিগুৰী, বাঁহবৰীয়া পামত বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে।

প্ৰায় ৫০-৬০ জনীয়া বনৰীয়া হাতীৰ জাকটোৱে কেইবাখনো গাঁৱত সিচঁৰিত হৈ তাণ্ডৱ চলাই কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতীৰ জাকটোৱে অসীম ভট্টাচাৰ্য নামৰ এজন লোকৰ ঘৰত সোমাই ভৰাঁলৰ ধান খোৱা লগতে ঘৰৰ বহু সামগ্ৰী ভাঙি ক্ষতি সাধন কৰে। বনৰীয়া।হাতীৰ জাকটোৱে লোকজনৰ এখন চাৰিচকীয়া বাহনৰো ক্ষতি সাধন কৰে।

বনৰীয়া হাতীৰ জাকটোৱে লগতে কমলেশ্বৰী শ‌ইকীয়া, চেণী গগৈ নামৰ দুজন লোকৰ ঘৰতো ব্যপক ক্ষতি সাধন কৰে। ইফালে বনৰীয়া হাতীৰ জাকটোৱে এগৰাকী বৃদ্ধাৰ ঘৰত আক্ৰমণৰ চলাওঁতে কথমপি বৃদ্ধা গৰাকীৰ প্ৰাণ ৰক্ষা পৰে। প্ৰৱল বৃষ্টিপাতত নিশাৰ ভাগত স্থানীয় ৰাইজ আতংকৰ মাজত পাৰ কৰিব লগা হয়। অৱশ্যে, বন বিভাগৰ লোক উপস্থিত হৈ গুলীবৰ্ষণ কৰি হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয়।