মৰিয়নি : এক চাঞ্চল্যকৰ আত্মহত্যা। এজন আৰক্ষী বিষয়াৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিলে এজন আৰক্ষী বিষয়াই।

যোৰহাট জিলাৰ মৰিয়নিত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত সংঘটিত হৈছে এই অঘটন। চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিংগীয়া।

নিজ কোৱাটাৰতে আত্মহত্যা কৰে আৰক্ষী বিষয়াজনে। তিনিদিন পূৰ্বে চেলেংহাট আৰক্ষী চকীলৈ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি হৈ আহিছিল ভূপেন দিহিংগীয়া। আৰক্ষী বিষয়াজনৰ আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চেলেংহাটত।