গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। প্ৰায় তিনি শতাধিক যুৱ কংগ্ৰেছৰ কৰ্মকর্তা সকলে উত্তাল কৰি তুলিলে দিছপুৰ। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰোধী শ্ল’গান দি যুৱ কংগ্ৰেছৰ কৰ্মকর্তা সকলে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি। প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা প্ৰদান। আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ সদস্য সকলক।

উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ পিতৃ পৰিচয় লৈ কৰা মম্তব্যক অপমানসূচক মন্তব্য আৰু এইয়া এক সুস্থ গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে যুৱ কংগ্ৰেছে। ইয়াৰ বিৰুদ্ধে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী, উপ সভাপতি পৰিতোষ ৰয়, প্ৰশাসনিক সাধাৰণ সম্পাদক আব্দুৰ ৰাজ্জাক, সাংগঠনিক সাধাৰণ সম্পাদক অঙ্কুৰ দাস আৰু ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত গুৱাহাটীৰ দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী যুৱ কংগ্ৰেছৰ সদস্যসকলে হিমন্ত বিশ্ব হায় হায়, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, নাৰীসত্তাক অপমান কৰা বন্ধ কৰক আদি শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি ভাষণ প্ৰসংগত কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়ে কয় যে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী তথা দেশৰ এগৰাকী সন্মানীয় মহিলা নেত্ৰী ছনীয়া গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিলে সেয়া দূৰ্ভাগ্যজনক। ৰাহুল গান্ধী দেশৰ এগৰাকী প্ৰাক্তন শ্বহীদ প্ৰধানমন্ত্ৰীৰ পুত্ৰ। আজি অসমৰ মুখ্যমন্ত্ৰী বুলি তেখেতক কবলৈ লাজ লাগিছে। নিজৰ মুখৰ অশ্লীল, অশোভনীয় মন্তব্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ আগত লজ্জানত কৰিলে।

ৰাতুল পাটোৱাৰীয়ে লগতে কয় যে যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা উঠাই নলয় আৰু ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেতিয়ালৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থাকিব আৰু ইয়াতকৈ অধিক তীব্ৰতৰ ৰূপত গণতান্ত্ৰিক আন্দোলন আৰম্ভ হ’ব। উল্লেখ্য যে যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ সদস্য সকলক আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে।