মৰিগাঁও : মৰিগাঁৱত নকল নোটসহ গ্ৰেপ্তাৰ যুৱক-যুৱতী। ১ লাখ ৫০ হাজাৰ টকাৰ নকল নোটসহমৰিগাঁও আৰক্ষীৰ জালত পৰিল এজন যুৱক আৰু এগৰাকী যুৱতী। যুৱকজন হোজাইৰ আৰু যুৱতী গৰাকী জাগীৰোডৰ।

ৰাজ্যত নকল নোট ব্যৱসায়ৰ এটা বৃহৎ চক্ৰ গঢ় লৈ উটিছে। বিগত সময়ছোৱাত নকল নোট ব্যৱসায়ৰ লগত জড়িত থকা কেইবাজনো লোকক আৰক্ষীয়ে নকল নোটসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ এজন যুৱক আৰু এগৰাকী যুৱতী নকল নোটসহ জালত পৰিল।

মৰিগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এজন যুৱক আৰু এগৰাকী যুৱতীক বৃহৎ পৰিমাণৰ নকল নোটসহ আটক কৰিবলৈ সক্ষম হৈছে। মৰিগাঁও চহৰৰ সমীপৱৰ্তী বৰঙ্গাবাৰীৰ সুদৰ্শন বাৰ কম ৰেষ্টুৰেণ্টৰ পৰা আৰক্ষীয়ে নকল নোটসহ যুৱক-যুৱতীক আটক কৰে।

১ লাখ ৫০ হাজাৰ টকাৰ নকল নোটসহ আৰক্ষীয়ে আটক কৰা যুৱতী গৰাকী জাগীৰোড শিলভঙাৰ মজিফা বেগম আৰু যুৱকজন হোজাইৰ জইনাল উদ্দীন বুলি জানিব পৰা গৈছে। আটকধীন যুৱক আৰু যুৱতী গৰাকীয়ে ব্যৱহাৰ কৰা এএছ-০১-জেচি-০৫৩৬ নম্বৰৰ এখন বাহন আৰক্ষীয়ে জব্দ কৰিছে।

নকল নোটসহ মৰিগাঁও আৰক্ষীৰ জালত পৰা যুৱক-যুৱতীৰ লগত আন এজন যুৱকো আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজন পলায়ন কৰিবলৈ সক্ষম হয়।
বৰ্তমান মৰিগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকধীন যুৱক-যুৱতীক জেৰা অব্যাহত ৰাখিছে।