গোৱালপাৰা : পুনৰ হাতীৰ আক্ৰমণত নিহত এজন। গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোকে। লক্ষীপুৰৰ চৈবাৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা।

ৰাজ্যত দিনক দিনে ক্ৰমাৎ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বিশেষকৈ গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ভয়ংকৰ পৰিনাম প্ৰায়ে দেখিবলৈ পোৱা যায়।

জিলাখনৰ মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে সন্ধিয়াৰ ভাগত লক্ষীপুৰৰ চৈবাৰীত পুনৰ এজন লোক নিহত হয় বনৰীয়া হাতীৰ আক্ৰমণত।

সন্ধিয়াৰ ভাগত লক্ষীপুৰৰ চৈবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত লুপেন্দ্ৰ ৰাভা নামৰ এজন লোক নিহত হয়। নিহত ৫০ বছৰীয়া লুপেন্দ্ৰ ৰাভাৰ ঘৰ চৈবাৰী গাঁৱত বুলি জানিব পৰা গৈছে।

লোকজনক হাতীয়ে মাৰি চৈবাৰীৰ শালবাগানত পেলাই থৈ যায়। বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ বাবে বিপদ সংকুল হৈ পৰিছে লাক্ষীপুৰৰ চৈবাৰী অঞ্চল। প্ৰায়ে অঞ্চলটোত বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে।

লক্ষীপুৰ আঞ্চলিক বন বিভাগে অঞ্চলটোত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ স্থায়ী সমাধান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে শুকুৰবাৰে অঞ্চলটোত এটা বৃহৎ বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায়।