গুৱাহাটী, ১৬ নৱেম্বৰ: গুৰুগ্রাম, হাৰিয়ানাস্থিত চাইনিজ ম’বাইল ফোন কোম্পানীয়ে উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ অৱস্থিতি ঘোষণা কৰে বৃহস্পতিবাৰে। কোম্পানীটােৱে গুৱাহাটীৰ এখন হােটেলত বৃহস্পতিবাৰে ইয়াৰ শেহতীয়া এণ্ডইড স্মার্টফোন ৰেঞ্জ মুকলি কৰে। উন্মোচন সম্পর্কে মন্তব্য আগবঢ়াই, ৰাজীৱ তিৱাৰী, বিজিনেছ হেড, ডিট্ৰিবিউচন ছেলছ, য়ুহা’ ম’বাইলে কয় যে, কোম্পানীটােৱে গুৱাহাটীৰ মোবাইল ডিষ্ট্রিবিউটৰ অৰিয়ন ইনফ’ট্রনিক্সৰ সৈতে অংশীদাৰীভাৱে তিনিটা নতুন মডেল উত্তৰ পূৰ্বাঞ্চলৰ বজাৰত মুকলি কৰে, ৱাই-ৱান, এইচ-ৱান আৰু ইউ-ৱান। আজি মুকলি কৰা ফোনসমূহৰ দাম হৈছে ৬,০০০ টকাৰ পৰা ১৫,০০০ টকাৰ ভিতৰত। এই মডেলকেইটাই প্রতিশ্রুতি দিছে দীঘলীয়া বেটাৰী লাইফ, আটাইবোৰৰ এপছৰ ৱান টাচ্ছ একচেছ, বিশেষ গোপনীয়তাৰ সুবিধা আৰু সুৰক্ষা প্ৰদানকাৰী বেক ক’ভাৰ যিয়ে নভঙাৰ নিশ্চিতি দিয়ে। প্রিমিয়াম কোৱালিটীত এই ফোন আহিছে ১ জিবি, ২ জিবি আৰু ৩ জিবি ৰেমৰ সৈতে। কোম্পানীয়ে ইয়াৰ গ্ৰাহকসকলক ৫৫৫ দিনৰ সেৱাৰ ৱাৰেণ্টী প্ৰদান কৰিছে। উন্মোচনৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰি য়ুহ মোবাইলৰ মহাপ্রবন্ধক মাইকেল রু-এ কয় যে, প্রাথমিক বাণিজ্যিক উদ্দেশ্য হৈছে সঠিক উৎপাদন সঠিক সময়ত, সঠিক দামত যোগান ধৰা আৰু শক্তিশালী বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰা। উত্তৰ পূব ভাৰতৰ নিৰ্বাচিত বজাৰত এই ব্ৰেণ্ড মুকলিৰ প্ৰথম ঢাপত কোম্পানীটােৱে চেষ্টা কৰিছে। ৭০০০ ৰিটেইল আউটলেট লাভ কৰিবলৈ। “দ্বিতীয় পৰ্যায়ৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতজুৰি ১০,০০০ আউটলেটত স্থিতি সাব্যস্ত কৰা, ”ৰাজীৱ তিৱাৰীৰ সংযোজন। য়ুহি’ মোবাইল প্রাইভেট লিমিটেড হৈছে ইউচিটি ৱৰ্ল্ডৱাইড আৰু কেপ্টেইন চনগ্ৰীত সিঙৰ এক যৌথ উদ্যোগ। সম্প্রতি ইউটিচিৰ আছে ২৪খন পেটেণ্টৰ অনুজ্ঞাপত্ৰ, ছফটৱেৰ আৰু অন্যান্য ইন্টেলেকচুৱেল প্রপাট্রী ৰাইট। ইউচিটিয়ে লাভ কৰা বঁটাসমূহৰ ভিতৰত আছে, ‘ডুৱেল ছ’ফটৱেৰ এণ্টাৰপ্ৰাইছ’, ‘নিউ হাই-টেক এণ্টাৰপ্ৰাইছ ইন ছেংঝেন চিটী”, “নেচনেল নিউ হাইটেক এণ্টাৰপ্ৰাইছ’ আৰু বহুটাে বঁটা। এই যৌথ উদ্যোগে ইতিমধ্যে ভাৰতত কামকাজ আৰম্ভ কৰিছে আৰু আসন্ন দুবছৰৰ ভিতৰত প্ৰায় ৫০০ কোটি টকা বিনিয়োগৰ পৰিকল্পনা হাতত লৈছে। এই বিনিয়োগ কৰা হ’ব ভাৰতজোৰা কামকাজত, ছেলছ, আফটাৰ ছেলছ আৰু বিতৰণ নেটৱৰ্ক, বিপণন আৰু উৎপাদনত৷