শিমলুগুৰি, ১৬ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত শিমলুগুৰি প্ৰেছ ক্লাবৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে৷ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী শিমলুগুৰি ৰংগমঞ্চত অনুষ্ঠিত কৰা দিৱস উদযাপন সভাখনত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াই৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সভাখনি উদ্বোধন কৰে মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তুলেশ্বৰ পেগুৱে৷ সভাৰ আৰম্ভনিৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে সমাজ কৰ্মী বিপুল ভূঞাই৷ জ্যেষ্ঠ সাংবাদিক জগত গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ “গণ সংযোগ” উন্মোচন কৰে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হেমচন্দ্ৰ গোস্বামী, বাৰ্তাজীৱি সংঘৰ সাধাৰণ সম্পাদক টুটুমণি ফুকন, অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ কিৰণ চন্দ্ৰ শৰ্মাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত৷