হাজো, ৭ মেঃ তীৰ্থ নগৰী হাজোৰ এগৰাকী ন-কইনা, বুকুত বহু আশা লৈ ভৰি দিলে যুগ্মজীৱনত৷ নিজ ঘৰ এৰি স্বামী ঘৰলৈ গৈ পাতনি মেলিব এক নতুন অধ্যায়ৰ৷ কিন্তু এষাৰ কথা আছে ‘ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি’ বিয়াৰ পিছত স্বামী গৃহ গৈ থাকিবই নাপালে কইনা৷ পানীয়ে লগালে খেলি-মেলি৷ পানীয়ে বাধা দিলে যুগ্মজীৱন আৰম্ভ কৰাত৷ উল্লেখ্য যে বিয়াৰ পিছৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ন-কইনাৰ স্বামী গৃহ ডুব গ’ল পানীৰ তলত৷ কইনা স্বামী গৃহত যায় কেনেকৈ, কাৰণ স্বামী গৃহৰ বাট-পথ, ঘৰ সকলোতে পানী৷ গতিকে ন-কইনা মাকৰ ঘৰতে থাকি বাট চাইছে পানী শুকুৱাৰ৷ কৃত্ৰিম বানপানীয়ে জ্বলা-কলা খুৱাইছে হাজোৰ পানীপাৰা আৰু ভৰালীতোলাৰ বাসিন্দা সকলক৷ ঈশ্বৰীয় বিশ্ববিদ্যালয় আৰু জেষ্ঠ নাগৰিকৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণে জলাশয়ৰ মাটি আৱন্টন দিয়াৰ পিছৰ পৰা অঞ্চল দুটাৰ বাসিন্দাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ জলাশয়টো পুতি দিয়াৰ ফলত পানীপাৰা আৰু ভৰালীতোলাৰ প্ৰায় ২০০ টা বাসগৃহ কৃত্ৰিম বানৰ কৱলত৷ উপায় বিহীন জিলা প্ৰশাসন৷ এনে পৰিস্থিতিৰ মাজতে পানীতোলাৰ কালভাৰ্ট এটা বন্ধ কৰি দিয়াত অঞ্চল দুটাত কৃত্ৰিম বানে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ফলত ন-কইনা বস্তু-বাহনি লৈ মাতৃ গৃহলৈ যাবলৈ বাধ্য হয়৷