গুৱাহাটী, ১৯ মে’: আন্তঃগাঁথনিকে ধৰি সকলো নির্মাণ কার্যত গুণগত মানদণ্ড অক্ষুন্ন থাকিলেহে প্রকৃত উন্নয়ন সম্ভৱ। সেইবাবে ৰাজ্য চৰকাৰে গুণগত মানদণ্ডৰ কাম সম্পন্ন কৰা ঠিকাদাৰসকলক পুৰস্কৃত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। গুণগত মান সম্পন্ন কাম কৰা ঠিকাদাৰ সকলক ক্রমে প্রথম পুৰস্কাৰ হিচাপে ১০ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৭ লাখ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। আজি জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাকক্ষত গড়কাপ্টানী বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে এই পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে। জনসাধাৰণে যাতে গড়কাপটািনী বিভাগৰ কাম-কাজৰ স্পষ্ট আভাস লাভ কৰিব পাৰে, কামৰ দায়িত্বত থকা ঠিকাদাৰ আৰু সংশ্লিষ্ট অভিযন্ত্রা গৰাকীৰ নাম অৱগত হ’ব পাৰে, তাৰ বাবে অভিযন্তা আৰু ঠিকাদাৰ গৰাকীৰ নাম, কামৰ বিবৰণ সংবাদ মাধ্যমত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীয়ে গড়কাপ্টানী বিভাগক নির্দেশ দিয়ে। আনহাতে ঠিকাদাৰ সকলে প্রতি সপ্তাহত হােৱা কামৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিব লাগিব আৰু সংশ্লিষ্ট সংমণ্ডলে বিষয়টাে পর্যালোচনা কৰিব লাগিব। মুখ্যমন্ত্রীয়ে অনলাইন ব্যৱস্থাটাে অধিক শক্তিশালী কৰি নিয়মীয়াকৈ কামৰ নিৰীক্ষণ কৰাৰ বাবেও বিভাগটােক নির্দেশ দিয়ে। মুখ্যমন্ত্রী সোণোৱালে কয় যে এখন সমৃদ্ধশালী অসম গঢ়াৰ ক্ষেত্ৰত ঠিকাদাৰ সকলৰ গুৰুত্বপূর্ণ ভূমিকা আছে। গুণগত মান সম্পন্ন কামৰ জৰিয়তে ৰাষ্ট্র নির্মাণত ঠিকাদাৰসকলে যাতে বিশেষ অৰিহণা যোগাব পাৰে সেই সম্পৰ্কত মত-বিনিময় কৰাৰ বাবে ঠিকাদাৰ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্রীয়ে গড়কাপ্টানী বিভাগক নির্দেশ দিয়ে। বৈঠকত এই সন্মিলন অহা ৩১ মে’ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্রীয়ে নিজেই এই সন্মিলনত উপস্থিত থাকিব বুলিও বৈঠকত ব্যক্ত কৰে। গড়কাপ্টানী বিভাগৰ নিৰ্মাণ কার্যত যাতে কোনো ধৰণৰ সামগ্ৰীৰ নাটনি নহয় তাৰবাবে বন বিভাগৰ লগত আলোচনা কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। আনহাতে নতুন প্রজন্মই যাতে গুণগত কাম সম্পন্ন ঠিকাৰ প্ৰতি আকৃষ্ট হয় তাৰ বাবে প্রচলিত নীতি নিয়মসমূহ পৰীক্ষা কৰি প্রয়োগৰ সাপেক্ষে সংশোধনীৰ ব্যৱস্থা লবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। আজিৰ বৈঠকত প্রধানমন্ত্রীৰ গ্ৰাম চড়ক যোজনাৰ কাম-কাজসমূহ বিতংভাবে পযালোচনা কৰা হয়। প্ৰতিটো সমষ্টিৰ বাট-পথমেৰামতিৰ বাবে ৰাজ্য চৰকাৰে আবন্টন দিয়া ১২০০ কোটি টকাৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়েও পর্যালোচনা কৰা হয়। বৈঠকত চি আৰ এফ, আৰ আই ডি এফৰ কামৰাে পযালোচনা কৰা হয়। মুখ্যমন্ত্ৰীযে কাঠৰ দলং পকীকৰণৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ বিভাগক নির্দেশ দিয়ে। আনহাতে মুখ্যমন্ত্রীয়ে বৈঠকৰ পৰাই নমুলীগড়ৰ পৰা শিৱসাগৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম এসপ্তাহৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে এন এইচ আই ডি চি এলৰ শীর্ষ বিষয়াক নির্দেশ দিয়ে।
আজিৰ সভাত অতিৰিক্ত মুখ্যসচিব আলোক কুমাৰ প্ৰমুখ্যে গড়কাপ্টানী বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।