তেজপুৰ, সংবাদ ৩৬৫, ১৬ জুলাইঃ শোণিতপুৰ জিলাৰ তেজপুৰৰ গোটলুং কদমবাগানত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত এগৰাকী মহিলাক তালিবানী শাস্তি প্ৰদান কৰিছে একাংশ উত্তেজিত মহিলাৰ৷ জানিব পৰা মতে কদমবাগানত এগৰাকী মহিলাই অনৈতিক কাৰ্য চলাই থকাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ থকাৰ মাজতে মহিলা গৰাকীৰ কিছুমান অশ্লীল ভিডিঅ ছোচিয়েল মিডিয়াত বিয়পি পৰাত স্থানীয় একাংশ মহিলা অতীষ্ঠ হৈ মহিলা গৰাকীক সোমবাৰে বাসগৃহৰ পৰা উলিয়াই আনি এজোপা গছত বান্ধি প্ৰহাৰ কৰি তালিবানী শাস্তি প্ৰদান কৰে। স্থানীয় মহিলা সকলে অভিযুক্ত মহিলা গৰাকীক শাস্তি প্ৰদান কৰি মহাভৈৰৱ আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অভিযুক্ত মহিলাগৰাকীৰ লগতে মহিলা গৰাকীৰ মাতৃ উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এতিয়া প্ৰশ্ন হ’ল সকলোতে কিয় একাংশ উত্তেজিত ৰাইজে এনেদৰে মৰেল পুলিচৰ নামত আইন হাতৰ তুলি লয়? এতিয়া এই ঘটনাৰ পিছত আৰক্ষীয়ে মৰেল পুলিচৰূপী মহিলা সকলৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয়।