গুৱাহাটী : কেন্দ্রীয় নগৰ উন্নয়ন, হাউচিং আৰু নগৰীয় দৰিদ্রতা দূৰীকৰণ মন্ত্রী এম. ভেংকায়া নাইডুই কাইলৈ দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী ভ্ৰমণত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত ৰূপায়িত নতুন নগৰ উন্নয়ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ ল’ব। নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব, নিউ আৰবীন মিছনৰ ৰাষ্ট্রীয় মিছন ডাইৰেক্টৰ আৰু জেষ্ঠ বিষয়াসকল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। তেওঁলোকে ৰাজিক পর্যায়ৰ মিছন ডাইৰেক্টৰ আৰু ৰাজ্য চৰকাৰৰ আন জেষ্ঠ বিষয়ববীয়াৰ সৈতে আজি এক অ’ফিচিয়েল পর্যায়ৰ পৰ্যালোচনাত মিলিত হয়। ভেংকায়া নাইডুই পর্যালোচনা কৰিবলগীয়া কাইলৈৰ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্রী আৰু নগৰ উন্নয়ন, নগৰপালিকা পৰিক্ৰমা আৰু হাউচিং বিভাগৰ মন্ত্ৰীসকল উপস্থিত থাকিব। ২০১৫ৰ ২৫ জুনত মুকলি হােৱা প্রধানমন্ত্রীৰ আৱাস যোজনা (নগৰাঞ্চল), অটল মিছন আৰু স্মার্ট চিটী মিছন তথা ২০১৪ৰ ২ অক্টোবৰত মুকলি হােৱা স্বচ্ছ ভাৰত মিছনৰ সমান্তৰালকৈ উত্তৰপূর্বাঞ্চলত ৰূপায়িত হৈ থকা বিভিন্ন এককালীন আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভত আজি আৰু কাইলৈৰ বৈঠকত পর্যালোচনা হ’ব। উল্লেখ্য যে, প্রধানমন্ত্রী আৱাস যোজনা(নগৰাঞ্চল)ৰ অধীনত হাউচিং আৰু নগৰীয় দৰিদ্ৰ দূৰীকৰণ মন্ত্রালয়ে বিগত দুবছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ নগৰীয় দৰিদ্ৰ লোকৰ বাবে ৯৯.৯৪০ টা সহজলভ্য বাসগৃহ নিৰ্মাণত অনুমোদন জনাইছে। ২০০৪ৰ পৰা ২০১৪ৰ সময়ছােৱাত অনুমোদন জনোৱা বাসগৃহৰ পৰিমাণ আছিল ৩১,৭৭৮। ২০০৪-১৪ৰ সময়ছােৱাত অনুমোদিত এই বাসগৃহৰ ভিতৰত মাত্র ২০,৯৯১ টা গৃহহে নির্মাণ কৰা হৈছিল।

প্রধানমন্ত্রী আৱাস যোজনা(নগৰাঞ্চল)ৰ অধীনত কেন্দ্রীয় চৰকাৰে প্ৰতিগৰাকী উপভোক্তাক ১ লাখৰ পৰা ২.৪০ লাখ টকাকৈ আর্থিক অনুদান আগবঢ়াইছে। নগৰাঞ্চলৰ প্ৰতিগৰাকী বাসিন্দাক বিশুদ্ধ খোৱা পানী প্ৰদানৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ ১২ খন চহৰ অটল মিছন অভিযানৰ অন্তর্ভুক্ত কৰা হৈছে। এই আঁচনিত অন্তর্ভুক্ত উত্তৰ-পূৱৰ চহৰসমূহ হ’ল—
অৰুণাচল প্রদেশ: ইটানগৰ
অসমঃ গুৱাহাটী, ডিব্ৰুগড়, নগাঁও আৰু শিলচৰ।
মণিপুৰঃ ইম্ফল
মেঘালয়ঃ শ্বিলং
মিজোৰামঃ আইজল
নাগালেণ্ডঃ ডিমাপুৰ আৰু ক’হিমা
ছিকিমঃ গেংটক
ত্ৰিপুৰাঃ আগৰতলা
অটল মিছনৰ অধীনত নগৰ উন্নয়ন মন্ত্ৰালয়ে উত্তৰ -পূৱৰ ৰাজ্যসমূহত ৯০ শতাংশ প্রকল্প ব্যয় বহন কৰে। ইয়াৰ বিপৰীতে দেশৰ আন ৰাজ্যত ই প্রকল্পৰ মাত্র এক তৃতীয়াংশৰ পৰা আৰম্ভ কৰি ৫০ শতাংশহে ব্যয় কৰে। ইফালে , উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন চহৰক স্মার্ট চিটী মিছনে সাঙুৰি লৈছে। ইয়াৰে গুৱাহাটী, ইম্ফল, আগৰতলা, ক’হিমা আৰু নামচি (ছিকিম) প্রতিযোগিতাৰ মাধ্যমেৰে বিত্তীয় অনুদান লাভৰ বাবে নির্বাচিত হৈছে। পাছিঘাট (অৰুণাচল প্রদেশ), শ্বিলং আৰু মিজোৰামে স্মার্ট চিটী প্রতিযোগিতাৰ তৃতীয় ৰাউণ্ডত অংশ লৈছে। নগৰ উন্নয়ন মন্ত্রালয়ে পাঁচ বছৰৰ ভিতৰত প্ৰতিখন স্মাট চিটীকে ৫০০ কোটি টকাৰ অনুদান আগবঢ়াব।