বিহাৰ, ৫ মেঃ নিগনিয়ে চাউল, দালি, আটা, মাংস, শাক-পাঁচলি লগতে আৰু বহু বস্তু খায়৷ কিন্তু এইবাৰ নিগনিয়ে খালে মদ, তাকো পুলিচৰ মদ৷ আচৰিত হৈছে নেকি? মদৰ পৰিমাণ জানিলে আপুনি আৰু আচৰিত হ’ব৷ পৰিমাণ এবটল দুবটল নহয়, পৰিমাণ হ’ল ৯ লাখ লিটাৰ৷ হয়, বিহাৰ পুলিচৰ ৯ লাখ লিটাৰ  মদ খালে নিগনিয়ে৷ এই আচৰিত কথা কৈছে বিহাৰৰ পুলিচে৷ তথ্য মতে, যোৱা ১৩ মাহত ৯.১৫ লাখ দেশী-বিদেশী মদ বিহাৰ পুলিচ জব্দ কৰিছে আৰু বিহাৰ পুলিচৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এক সভাত এই কথা পোহৰলৈ আহে যে জব্দ কৰা মদখিনিৰ কিছু আৰক্ষী চকীলৈ অনাৰ সময়ত নষ্ট হৈছে আৰু তাৰে ৯ লাখ লিটাৰ পুলিচৰ গুদামত নিগনিয়ে খাইছে৷ অৱশ্যে বিহাৰৰ উচ্চপদস্থ আৰক্ষী বিষয়াই ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে৷ বিহাৰত মুঠ ১,০৫৩ টা আৰক্ষী চকী আছে আৰু ২০১৬ চনত নীতিশ কুমাৰৰ চৰকাৰে বিহাৰত মদ বন্ধ কৰাত আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই এই বৃহৎ পৰিমাণৰ মদ জব্দ কৰিছিল৷ এতিয়া প্ৰশ্ন হ’ল, এই বৃহৎ পৰিমাণৰ মদ গ’ল ক’ত? মদ নিগনিয়ে খালে নে কোনোবা বেলেগে?