চৰাইদেউ, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰীঃ  ওদালগুৰি জিলাৰ এজন যুৱক নিৰ্মল ৰাভাই  ফেচবুকত পিতৃৰ ফটো প্ৰত্যক্ষ কৰি ৩০ বছৰ পিছত নিজৰ বাসগৃহলৈ ঘূৰি অহাৰ এক আবেগিক ঘটনাই পুনৰ ছ’চিয়েল মিডিয়াৰ শক্তিক প্ৰমাণ কৰিলে। ওদালগুৰি জিলাৰ নিৰ্মল ৰাভাই পিতৃ মোহিৰাম ৰাভাৰ এখন ফটো ছ’চিয়েল মিডিয়া ফেচবুকত প্ৰত্যক্ষ কৰাৰ পিছত আবেগিক হৈ সুদীৰ্ঘ ৩০ বছৰ পিছত চৰাইদেউ জিলাৰ পৰা আহি উপস্থিত হয় নিজৰ ওদালগুৰিস্থিত বাসগৃহত। ৩০ বছৰে নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকা নির্মলে পিতৃৰ ফটো ফেচবুকত প্ৰত্যক্ষ কৰাৰ পিছত শোকত ভাগি পৰিছিল। উল্লেখ্য যে,  আজিৰ পৰা প্ৰায় ৩০ বছৰ পূৰ্বে ওদালগুৰি জিলাৰ কেইজনমান নিনুৱা যুৱকে কৰ্মৰ সন্ধানত নিজ গৃহজিলা এৰি শিৱসাগৰলৈ যাত্ৰা কৰিছিল। এজন ঠিকাদৰৰ নেতৃত্বত ওদালগুৰি জিলাৰ  ২নং চিঙ্গ গাঁৱৰ পৰা কৰ্মৰ সন্ধাত শিৱসাগৰৰ মাইবেলালৈ অহা প্ৰায় দহজন নিবনুৱা যুৱকৰ সৈতে আছিল এজন ১২বছৰীয়া কিশোৰ নিৰ্মল ৰাভা। যুৱক কেইজনৰ লগত নির্মলেও মাইবেলাত থাকি কাম কৰিবলৈ ধৰে আৰু এটা সময়ত কাম শেষ হোৱাত  যুৱক কেইজন ওদালগুৰি জিলালৈ ঘূৰি যায় যদিও যুৱক কেইজনে ১২ বছৰীয়া কিশোৰ নিৰ্মলক এৰি থৈ যায় শিৱসাগৰৰ মাইবেলাত। অকলশৰীয়া নিৰ্মলে ঘৰলৈ যাব নোৱাৰি শিৱসাগৰতে থাকি মানুহৰ ঘৰত হালোৱা হিচাপে কাম কৰিবলৈ ধৰে। বৰ্তমান ১২ বছৰীয়া কিশোৰ নিৰ্মল ৪৫ বছৰীয়া যুৱক আৰু অসম অৰুণাচল সীমান্তৱৰ্তী হালোৱা গাঁৱৰ নিবাসী বিৰেশ্বৰ নামৰ লোক এজনৰ বাসগৃহত হালোৱা। হালোৱা গাঁৱৰে এগৰাকী যুৱতীৰ লগত বিবাহ কৰি ঘৰ সংসাৰ কৰে নিৰ্মল। এদিন ফেচবুকত নির্মলে নিজৰ পিতৃৰ ফটো প্ৰত্যক্ষ কৰাৰ পিছত নিজৰ পৰিয়াল আৰু গৃহভূমিক লৈ আবেগিক হৈ পৰি ঘূৰি আহি নিজৰ গৃহ জিলা উদালগুৰিলৈ। সুদীৰ্ঘ বছৰ ধৰি হালোৱা গাঁৱত থাকি সকলোৰে আপোন হৈ পৰা, অতি সহজ সৰল মনৰ নিৰ্মল সকলোৰে পৰিচিত ‘ৰাভাকাই’ বুলি। হালোৱা গাওঁ এৰি নিৰ্মল নিজৰ ঘৰলৈ উভতি যোৱাৰ সময়ত বিৰেশ্বৰ পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসী আনন্দিত হয় যদিও ‘ৰাভাকাই’ক হালোৱা গাঁও এৰি যোৱাৰ শোকত ভাগি পৰে।