ৰঙিয়া, ১৩ জুলাইঃ ৰঙিয়াৰ এটি দুৰ্ভগীয়া পৰিয়াল। দিন হাজিৰা কৰি কোনোমতে জীৱন-নিৰ্বাহ কৰা এই পৰিয়ালটোলৈ নামি আহিছে বিপৰ্য্যায়। একমাত্ৰ পুত্ৰ সন্তানটো জটিল ৰোগত আক্ৰান্ত হোৱাত সৰগ ভাগি পৰিছে পৰিয়াৰটোৰ ওপৰত। পুত্ৰৰ চিকিৎসাত আৰ্থিক ভাবে সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো। শিশুটো ৰঙিয়াৰ হাহাৰা গাঁৱৰ দিন হাজিৰা কৰা মহেশ্বৰ নাথৰ পুত্ৰ৷ মহেশ্বৰ নাথে চাৰি বছৰীয়া ৰোগাগ্ৰস্থ সন্তানটিৰ চিকিৎসা কৰিব পৰা নাই আৰ্থিক দৈন্যতাৰ কাৰণে। চিকিৎসাৰ নামত সন্তানটিক প্ৰতিদিনে প্ৰয়োজন হয় ৫০০ টকাৰো অধিক। সন্তানটোৰ চিকিৎসাৰ নামত খেতিৰ মাটি, হালৰ গৰু বিক্ৰী কৰি পৰিয়ালটো সৰ্বস্বান্ত হৈ পৰিছে  যদিও বৰ্তমানেও সুস্থ হৈ উঠা নাই দুৰ্ভগীয়া শিশুটো। উপায়ন্তৰ পৰিয়ালটোৱে সন্তানটোৰ চিকিৎসাৰ কাৰণে চৰকাৰ তথা বিভিন্ন দল-সংগঠনক আৰ্থিক সাহাৰ্য্যৰ বাবে অনুৰোধ জনাইছে। কোনো লোক তথা সংগঠনে সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংক ৰঙিয়া শাখাৰ ৩০৫০৪২১৮৬৭২ নম্বৰ একাউন্টত সাহাৰ্য্য আগবঢ়াব পৰিব অথবা ৮৪০৩০১৯৬৩১ নম্বৰত যোগাযোগ কৰিব পাৰিব।