ৰঙিয়া, ১৩ জুলাইঃ অসম বন্ধ আৰু পথ অৱৰোধৰ দৰে সাধাৰণ জনতাৰ বাবে ক্ষতিকাৰক প্ৰতিবাদী কাৰ্য্যসূচীৰ বিৰুদ্ধে এজন সমাজ সচেতন লোকৰ ব্যতিক্ৰমী প্ৰয়াস। পথ অৱৰোধ আৰু অসম বন্ধৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ এইজন লোকে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে শদিয়াৰ পৰা ধুবুৰীলৈ চাইকেলেৰে সজাগতা অভিযান চলাইছে। সামাজিক দায়িত্ববোধ সম্পন্ন ব্যক্তিগৰাকী ডিব্ৰুগড়ৰ টিংখাঙৰ গুণ গগৈ। গুণ গগৈয়ে ৩ জুনত শদিয়াৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে৷ যাত্ৰাৰ সময়ত গগৈয়ে ঠায়ে-ঠায়ে পথ সভাৰ আয়োজন কৰে। তেওঁ বিভিন্ন স্কুল-কলেজতো মত বিনিময় অনুস্থানত অংশগ্ৰহণ কৰি অসম বন্ধ আৰু পথ অৱৰোধৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা কৰে। গুণ গগৈয়ে দৈনিক চাইকেলেৰ ৪০ কিল’মিটাৰ পথ অতিক্ৰম কৰে৷ যাত্ৰাৰ সময়ত ৰঙিয়াত উপস্থিত হোৱা গগৈয়ে জানিবলৈ দিয়া মতে, তেওঁ নিজে লিখা অসমীয়া ভাষাৰ আখৰ জোঁটনি(বানান)ৰ সমস্যা আৰু ঘটক ৰজাৰ উপাখ্যান নামৰ কিতাপ দুখন বিক্ৰী কৰি অভিযানৰ খৰছ উলিয়াইছে। গগৈয়ে উল্লেখ কৰা মতে, তিনি বছৰ পূৰ্বে পথ অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচীৰ বাবে তেওঁৰ অসুস্থ মাতৃয়ে চাৰিঘন্টা ৰাজপথত আৱদ্ধ হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল। তেতিয়াৰ পৰা তেওঁৰ দৰে অন্য লোকে নিজৰ আত্মীয়ক হেৰুৱাব নালাগে, তাৰবাবে তেওঁ ৪০ দিন পূৰ্বে এই যাত্ৰা আৰম্ভ কৰে। গগৈৰ অভিযানৰ মূল উদ্দেশ্য হৈছে, সকলো অন্যায়-অনিয়মৰ বিৰুদ্ধে সবল প্ৰতিবাদ হওঁক; কিন্তু প্ৰতিবাদৰ ভাষা কেৱল বন্ধ ঘোষণা অথবা পথ অৱৰোধ নহয়, বন্ধই কোঙা কৰা অসমক পুনৰ সজীৱ কৰি তোলা, প্ৰতিবাদৰ বিকল্প পথ গ্ৰহণ কৰা, বন্ধ ঘোষণা অথবা পথ অৱৰোধৰ দৰে অমানৱীয় কাৰ্যসূচী বাতিল হওঁক, বন্ধই ব্যতিব্যস্ত কৰি তোলা দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক বন্ধ গৰাহৰ পৰা মুক্তি দিয়া৷ গুণ গগৈৰ এই অভিযানত সৰ্বসাধাৰণে বিপুল সঁহাৰি জনোৱাত তেওঁ অভিভূত হৈ পৰে।