সোণতলী, ১৯ অক্টোবৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত মালিবাৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ ৰাজ্যত ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আৰ এচ এচ গ’বেগ, বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি নচলিব আদি ধ্বনিৰে   সমগ্ৰ মালিবাৰী অঞ্চলৰ আকাশ-বতাহ কপাই তোলাৰ পিছতেই মালিবাৰী বজাৰৰ মাজ মজিয়াত অনুষ্টুপীয়াকৈ এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ সভাত গুৱাহাটী বিশ্ব বিদ্যালয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গোটৰ সম্পাদক বাবুল হুছেইনে চৰকাৰক উদ্দেশ্যে কৰি কয় যে অসম চৰকাৰে অসমৰ জাতি মাটি-ভেটি আৰু ৰাইজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷ অখিল গগৈক বিনাচৰ্তে মুক্তি নিদিয়ালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব ৷ তেওঁ আৰু কয় আৰএছএছৰ নিৰ্দেশত ৰাজ্য চৰকাৰে অখিল গগৈক হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বিৰোধীতা কৰাৰ কাৰণে হিন্দু বাংলাদেশী নেতা সৰ্বা হিমন্তই পৰিকল্পিত ভাবে দেশৰ আইনক ভৰিৰে মোহাৰি অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে৷ হুছেইনে আৰএছএছক অসমৰ পৰা খেদি পঠিয়াবলৈ আহ্বান জনাই কয় যে, গীতাশ্ৰমত আৰএছএছে আত্মৰক্ষাৰ বাবে মুকলিভাৱে অস্ত্ৰ হাতত তুলি মুকলি আকাশৰ তলত প্ৰশিক্ষণ ল’ব পাৰিলে অসমীয়াই অসমৰ জাতি ৰক্ষাৰ বাবে কিয় অস্ত্ৰ হাতত তুলি লব নোৱাৰে? অসম চৰকাৰে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাত সৰ্ম্পূণ ব্যৰ্থ হৈছে, গতিকে অসমৰ জাতি মাটি ৰক্ষা কৰিবলৈ প্ৰয়োজনত আমিও অস্ত্ৰ তুলি ল’বলৈ বাধ্য হম বুলি চৰকাৰক সকীয়াই দিয়ে৷ সভাত আৰিকাটি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰেজ্জাউল কবিৰে প্ৰতিবাদী সভাত উপস্থিত থাকি কয় যে অসমৰ খিলঞ্জীয়া অসমীয়াক বিদেশীৰ নামত হাৰাশাস্তি কৰাটো আমি কোনোপধ্যেই মানি ল’ব নোৱাৰো। চৰকাৰে সংখ্যালঘু লোকক পৰিকল্পিতভাৱে ভোটাৰ তালিকা ডি বহুৱাই ৰাইজক হাৰাশাস্তি কৰি আছে৷ তেওঁ কৃষক নেতা অখিল গগৈক শীঘ্ৰেই বিনাচৰ্তে মুক্তি নিদিলে ৰাজ্যজুৰি ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷