শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৬ জুলাইঃ ’’দিনটোৰ হাড়ভগা পৰিশ্ৰমৰ পিছত পেটৰ ভোকে যেতিয়া মুচৰি দিয়ে শৰীৰ, তেজবিহীন কলিজা এচিড বৰষুণত তিতে বিশ্বাস’’। ’দাৰিদ্ৰতা’, দাৰিদ্ৰতা হ’ল এক কামিহাড় কপোৱা বুকুৰ ধপধপনি। সেই দাৰিদ্ৰতাৰ বুকুৰ উমান বুজি সহায়ৰ হাত আগবঢ়াবলৈ আহিছে গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা। শিৱসাগৰ জিলাৰ হাঁ‌হচৰা দয়াচাৰিআলিত টাই আহোম যুৱ পৰিষদ হাঁ‌হচৰা আঞ্চলিক সমিতি,নৰ্থ ইষ্ট পিপলছ্ ৰাইট আৰু সংস্কৃতা ফাউণ্ডেচন সহযোগত দৰিদ্ৰ পৰিয়ালক অলপ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে ওলাই আহিল বিৰাজ হাজৰিকা। বিৰাজ হাজৰিকা চি আই এচ এফ ৰ এজন কমৰৰ্ত জোৱান। নিজৰ কৰ্ম জীৱন তথা কৰ্তব্যৰত আজৰি সময়ত তেওঁ ওলাই দৰিদ্ৰ পৰিয়ালক কিবা এটা উপহাৰ দিয়া আশাৰে।আজি শিৱসাগৰ জিলা হাঁ‌হচৰা দয়াচাৰিআলিত দৰিদ্ৰ পৰিলায়ৰ লোক সকলক বিতৰণ কৰে কাপোৰ-কানি,ছাত্ৰ-ছাত্ৰী সকলৰ উপযোগীকৈ কিতাপ,বহী,কাগজ কলম আদি প্ৰদান কৰে।হাঁ‌হচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন শিক্ষক ভৰত চেতিয়াই সভাপতিত্ব কৰা এই অনুষ্ঠান উপস্থিত থাকে গড়গাওঁ মহাবিদ্যালয় অধ্যাপক ড° বিদ্যানন্দ বৰকটকী,বীৰলাচিত মহাবিদ্যালয়ৰ অধ্যাপক সীমান্ত বৰুৱা,অ’এন.জি.চি ৰ কৰ্মচাৰী বেণুধৰ ফুকন,অনুষ্ঠানটি আঁ‌ত ধৰে অধিবক্তা,সাংবাদিক দেৱজ্যোতি বৰুৱা,সমাজসেৱক ললিত দত্ত,চন্দ্ৰ গগৈ আৰু ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।