মিৰ্জা, ১১ ডিচেম্বৰঃ মহানগৰীৰ সমীপৱৰ্তী ৰাণীত চলি আছে অবৈধ শিলৰ কুঁৱৰীৰ ৰমৰমীয়া বেহা। ৰাজ্য চৰকাৰৰ বন বিভাগে শিলৰ কুঁৱৰী, শিল ক্ৰেচাৰ মেচিনসমূহ চলোৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে যদিও একাংশ লোকে এই নিষেধাজ্ঞাক গুৰুত্ব নিদিয়াকৈ চলাই আছে শিলৰ কুঁৱৰীৰ ব্যৱসায়। মহানগৰীৰ সমীপৱৰ্তী ৰাণীত থকা কেইবাটাও অবৈধ শিলৰ কুঁৱৰীৰ পৰা প্ৰতিদিনে সৰবৰাহ হয় কেইবাশ ট্ৰাক ভৰ্তি শিল। অভিযোগ অনুসৰি ৰাণীত কলিতা উপাধিৰ নামৰ এজন লোকৰ লগতে কেইবাজনো লোক বন বিভাগৰ কিছুমান বিষয়াৰ লগত মিতিৰালি কৰি গোপনে চলাই আছে অবৈধ শিলৰ কুঁৱৰী ব্যৱসায়। ৰাণীত থকা কলিতাৰ শিলৰ কুঁৱৰীত দেওবাৰে বিস্ফোৰণ ঘটাই শিল ওলাবলৈ চেষ্টা কৰোতে এটা প্ৰকাণ্ড শিলৰ টুকুৰা আহি নিলু কলিতা(৩১)নামৰ এজন লোকৰ মূৰত লগত লোকজন আঘাতপ্ৰাপ্ত হয়। বিস্ফোৰণৰ শিল লাগি আঘাতপ্ৰাপ্ত হোৱা নিলুক ৰাণীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুত্বৰ হোৱাত নিলুক উন্নত চিকিৎসা বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।