লংকা, ১৩ ডিচেম্বৰ:  ৰাজ্যৰ বনাঞ্চলসমূহ সংকুচিত হবলৈ ধৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ আক্ৰমণত ইতিমধ্য বহুতো লোক প্ৰাণ হেৰুৱাব লগীয়া হৈছে। মঙলবাৰে নিশাও লংকাৰ ইটাগাঁৱত খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত সন্ত্ৰাস চলায়৷ প্ৰায় ১০০টা বনৰীয়া হাতীৰ জাকটোৱে ইটাগাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ভৰাঁলৰ ধান খায় তহিলং কৰে৷ উল্লেখ্য যে হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এটি পৰিয়াল৷ বনৰীয়া হাতীৰ জাকটোৰ সন্ত্ৰাস ইমানে ভয়ংকৰ আছিল যে প্ৰাণৰ ভয়ত নিশা উজাগৰে কটাব লগীয়া হয় অঞ্চলবাসী।