সংবাদ ৩৬৫, ৬ জুলাইঃ প্ৰলয়ংকাৰী বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যৰ বন্যপ্ৰাণী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৮০ শতাংশ বানপানীত প্লাৱিত হোৱাৰ পৰিবৰ্তে পবিতৰা অভয়াৰণ্যৰ ৬৫ শতাংশ ভূমি পানীৰ তলত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ভয়াবহ দুৰ্যোগত আতংকিত বন্যপ্ৰাণীয়ে নিৰাপদ আশ্ৰয় বিচাৰি ককবকাব লগা হৈছে ৷ একাংশ বন্যপ্ৰাণীয়ে নিৰাপদ আশ্ৰয় বিচাৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলাৰ লগতে আন একাংশই আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় উদ্যানৰ ওখ স্থানবোৰত। বানৰ সময়ত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীসকল ৷ উদ্যানখনত থকা বন শিবিৰ সমূহৰ চাঙৰ তলেৰে পানী বাগৰাৰ লগতে পেট্ৰলিং পথ সমূহ পানীত বুৰ যোৱাত বনকৰ্মী সকলে নাৱেৰে কৰ্তব্য পালন কৰিছে৷ আনফালে পবিতৰা অভয়াৰণ্যতো ৬৫ শতাংশ বানপানীত প্লাৱিত হৈ পৰাত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে। পবিতৰাত নিৰাপদ স্থান বিচাৰি ফুৰা বন্যপ্ৰাণীৰ কিছুমান দৃশ্য বন্দী হৈছে সংবাদ ৩৬৫ৰ কেমেৰাত। এক কণমানি গঁড়ৰ পোৱালীয়ে মাকৰ সৈতে বানপানীৰ মাজেৰে যাত্ৰা কৰিছে নিৰাপদ স্থানলৈ। আন কিছুমানে আকৌ ইতিমধ্যে থিতাপি লৈছে ওখ স্থানবোৰত। মৰিগাঁৱৰ মায়ঙত মাউতৰ সৈতে বানপানীত প্লাৱিত পথাৰৰ মাজেৰে নিৰাপদ স্থানলৈ যাত্ৰা কৰা এটা হাতীৰ পৰিয়ালৰ দৃশ্যও বন্দী হৈছে সংবাদ৩৬৫ৰ কেমেৰাত। পবিতৰাত বানৰ মাজত আবদ্ধ বন্যপ্ৰাণীৰ দৃশ্য চাবলৈ তলৰ লিংকত ক্লিক কৰক।

ভিডিঅ’ চাবলৈ তলৰ লিংকটোত ক্লিক কৰক