গুৱাহাটী

১১ আগষ্ট

মহানগৰীৰ গুৱাহাটীৰ সমীপৰ ধোপগুৰিৰ লিচুবাগানত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত অসমৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এটা বিশেষ ঘৰ। “আলহী ঘৰ” নামাৰে জনজাতি উন্নয়ন কেন্দ্ৰটোৰ এফালে যদি টঙী ঘৰ, আনফালে তিৱা, মিচিং, আহোম, কাৰ্বি আদি জনগোষ্ঠীৰ পৰম্পৰাগত একোটাকৈ ঘৰ।

যান্ত্ৰিকতাৰ অৱসাদ আঁতৰাই প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰিয়াল-পৰিজনৰ সৈতে কিছু সময় কটাবলৈ উপযুক্ত স্থান সমূহৰ ভিতৰত অন্যতম “আলহী ঘৰো”। বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, ৰীতি-নীতি, সাজ-পোছাক আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব বিচৰা সকলো উপলব্ধ “আলহী ঘৰ”ত। জনজাতীয় কৃষ্টি-সংস্কৃতিৰ যাদুঘৰ হিচাপে সজাব বিচৰা সপোনৰ এই প্ৰকল্পৰ আঁৰ ব্যক্তি জন হ’ল গৱেষক, কৃষি বিজ্ঞানী ডা° অনুজ বৰুৱা। ইণ্ডিয়ান ইনষ্টিউট পে’ট্ৰলিয়াম বায়টেকনলজি ডেৰাডুনৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহন কৰা ডা° অনুজ বৰুৱাই ধোপগুৰিৰ লিচুবাগানৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত সৃষ্টি কৰা “আলহী ঘৰ”ৰ সমান্তৰালকৈ নিৰৱে কৰি গৈছে নিজৰ সৰু গৱেষণাগাৰত উদ্যান শষ্যৰ ওপৰত বিভিন্ন গৱেষনা।বৰ্তমানলৈ কেইবাটাও উল্লেখযোগ্য ফৰ্মূলাৰ ভিতৰত খাচী গছৰ বেক্টেৰীয়া, ভোট জলকীয়া আৰু কন জলকীয়াৰ ওপৰত গৱেষনা, আৰবান গাৰ্ডেনিং, থলুৱা ফল-মূলৰ সংৰক্ষন আদিয়ে প্ৰধান।

বৈজ্ঞানিকভাবে বিভিন্ন খেতি কৰি কিধৰণে লাভবান হ’ব পাৰি এই ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে পৰিচিত ডা° অনুজ বৰুৱাই নিৰৱে অকলশৰে কৰি যোৱা কৰ্মৰ দ্বাৰা অনেকেই উপকৃত হৈ গ্ৰাম্য অৰ্থনীতিত প্ৰভূত বৰঙণি আগবঢ়াইছে। এই গৰাকী নিৰৱ কৰ্মীয়ে “আলহী ঘৰ”ক লৈ দেখা সপোন দিঠক হওঁক তাৰে কামনা।