কুন্দন ভৰালী

নগাঁও

১৪ নৱেম্বৰ

কালীপূজা উপলক্ষে নগাঁৱত চলিছে বৃহৎ জুৱা। নগাঁও চহৰৰ লাওখোৱা ৰোডত জুৱাৰ ঘাটি উচ্ছেদ। আটক হল ১৩ জনকৈ লোক। কেইবা সহস্ৰাধিক নগদ ধনো জব্দ কৰিলে আৰক্ষীয়ে। নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষীয়ে চলাইছিল জুৱা বিৰোধী অভিযান।

কালীপূজা উপলক্ষে নগাঁৱত বৃহৎ জুৱাৰ আড্ডাই গঢ় লৈ উঠাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে জুৱা বিৰোধী অভিযান চলাই এক বৃহৎ জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জুৱাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে জুৱাৰ আড্ডাত জড়িত থকাৰ অভিযোগত ১৩ জনকৈ লোকক আটক কৰে৷

জুৱাৰ আড্ডাৰ পৰা আৰক্ষীয়ে ১৩ জনকৈ লোকক আটক কৰাৰ লগতে আৰক্ষীয়ে নগদ ধনো জব্দ কৰে৷ শুকুৰবাৰে নিশা নগাঁও চহৰৰ লাওখোৱা ৰোডত আৰক্ষীয়ে এই অভিযান চলাইছিল। হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে জুৱাৰ ঘাটিতো উচ্ছেদ কৰিবলৈ সক্ষম হয়৷