মুস্তাক আহমেদ

জুৰীয়া

১৪ নৱেম্বৰ

ব্ৰয়লাৰ মুৰ্গী ভৰ্তি গাড়ী হাইজেক। আৰক্ষীয়ে জব্দ কৰিলে ব্ৰয়লাৰ মুৰ্গী ভৰ্তি দুখন গাড়ী। ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হ#বলৈ ধৰিছে নগাঁও জিলাৰ জুৰীয়াৰ বিভিন্ন অঞ্চল। জুৰীয়াত একাংশ দুস্কৃতিকাৰী এতিয়া নামি পৰিছে গাড়ী হাইজেকৰ দৰে জঘন্য অপৰাধত।

শুকুৰবাৰে বৰঘাটৰ পৰা ব্ৰয়লা ভৰ্তি এখন টাটা মবাইল গাড়ী মৈৰাবাৰী লৈ আহি থকা অৱস্থাত জুৰীয়াৰ ধিংগাঁৱৰ জীয়াবুৰ ৰহমান নামৰ এজন যুৱকৰ নেতৃত্বত কেইজনমান দুস্কৃতিকাৰীয়ে ব্ৰয়লাৰ ভৰ্তি গাড়ীখন হাইজেক কৰে। ধিংগাঁৱৰ ওমৰ ফাৰুক নামৰ লোকজনৰ ব্ৰয়লাৰ ফাৰ্মত ব্ৰয়লাৰ মুৰ্গী সমূহ নমাই থকা অৱস্থাতে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই গাড়ীসহ মূৰ্গী সমূহ জব্দ কৰে। ব্ৰয়লাৰ মুৰ্গী ভৰ্তি গাড়ীখন হাইজেক কৰাৰ ক্ষেত্ৰত ব্যৱহৃত এখন স্কৰপিঅ গাড়ীও আৰক্ষীয়ে জব্দ কৰে। অৱশ্যে ঘটনাৰ মূল অভিযুক্ত তথা স্কৰপিঅখনৰ চালক জীয়াবুৰ ৰহমানে আৰক্ষীৰ চকুত ঢুলি দি পলাই সাৰিবলৈ সক্ষম হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আনফালে ব্ৰয়লাৰ গুদামৰ মালিক ওমৰ ফাৰুকে উক্ত ঘটনাক অস্বীকাৰ কৰিছে। ব্ৰয়লাৰ ফাৰ্মৰ মালিক ওমৰ ফাৰুক নামৰ লোকজন জিয়াবুৰ ৰহমানৰ পৰা দুই লাখ টকা পাৱ লগিয় আছিল। জিয়াবুৰ ৰহমানে টকা ঘূৰাই নিদিয়াৰ বাবেহে এনে কাণ্ড সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে ওমৰ ফাৰুকে।