গুৱাহাটী

১৪ নৱেম্বৰ

কাৰ্বি আংলংত অন্ধবিশ্বাস, ডাইনীকাণ্ড, দলবদ্ধ আক্ৰমণ’ শীৰ্ষক সজাগতা সভা। গুণগত প্ৰকৃত শিক্ষাইহে অন্ধবিশ্বাস ৰোধ কৰিব। য’ত যুক্তি আৰু বৈজ্ঞানিক প্ৰমাণ নাই সেইটোৱেই হৈছে অন্ধবিশ্বাস’৷

কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা অন্ধবিশ্বাস, ডাইনীকাণ্ড, আৰু দলবদ্ধ আক্ৰমণ’ শীৰ্ষক সজাগতা সভাত মুখ্য অতিথিৰ ভাষণত এই মন্তব্য কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই । তেওঁ লগতে আৰু কয় ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ স্থানীয় সামাজিক নেতাসকলে অনুভৱ কৰাৰ লগতে অন্ধবিশ্বাস, ডাইনী কাণ্ড , দলব্দ্ধ আক্ৰমণ কিয় হয় জানি বুজি প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিব লাগিব। আমি জানিব লাগিব এই সমূহ কুসংস্কাৰৰ পৰা আমি কেনেকৈ মুক্তি লাভ কৰিব পাৰিম। সমাজৰ নেতৃত্ব প্ৰদান কৰা লোক সকলে নিজে জানি বুজিহে গ্ৰামঞ্চলৰ লোক সকলক সু-নেতৃত্ব প্ৰদান কৰিব লাগিব ।

যোৱা ৩০ চেপ্তেম্বৰৰ নিশা কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত ৰহিমাপুৰ গাওঁৰ ৰমাবতী হালোৱা নামৰ এগৰাকী মহিলা আৰু বিজয় গৌৰ নামৰ এজন যুৱকক হত্যাকৰাৰ পিছত কাৰ্বি আংলং আৰক্ষীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় অভিলেখকাৰী মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াক লৈ কেইবালানিও বিশ্লেষণাত্মক তথা প্ৰেৰণামূলক সভা অনুস্থিত কৰে ৷

বিশ্লেষণাত্মক আৰু প্ৰেৰণামূলক সভাত বক্তব্য আগবঢ়োৱাৰ উপৰিও ড° দিব্যজ্যোতি শইকীয়াই ডকমকা, চেৰাকানি আৰু ডিফুত ঘটি যোৱা অভি – নীল আৰু ঝংকাৰ হত্যাৰ কাহিনী স্মৰণ কৰি বিজ্ঞানৰ অপব্যৱহাৰ আৰু অপপ্ৰয়োগ সমাজৰ এচাম মানুহেই বিপথে পৰিচালিত কৰিছে বুলি কয় । সেইবাবেই সমাজত নীৰিহজনক ডাইনী সজাই হত্যা কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে ।

যোৱা ৯ নৱেম্বৰৰ পৰা কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত কাৰ্বিআংলং জিলাৰ বকলীয়াঘাটৰ ফংলকপেট, ডকমকা আদি অঞ্চলত অন্ধবিশ্বাস, ডাইনী কাণ্ড, সোপাধৰা, দলবদ্ধ আক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত কেইবাখনো সভা অনুষ্ঠিত হয়। ১০ নৱেম্বৰত ডকমকাত অনুষ্ঠিত সভাত জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয় যে আজিৰ মুখ্যবক্তা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই যিখিনি কথা বিশ্লেষণ কৰিছে এই কথাবোৰ আপোনালোক সামাজিক নেতা সকলে নিজ নিজ গাওঁত গৈ হাতে কামে লাগি প্ৰয়োগ কৰক। তেতিয়াহে নিশ্চিত ভাবে এনেবোৰ ঘটনা ৰোধ হব। আৰক্ষী অধীক্ষক দেউৰীয়ে আৰু কয় যে মহিলা সকলে নিজ সন্তানক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব লাগিব।

মানব অধিকাৰ কৰ্মী ড° শইকীয়াই পুনৰ কয় যে বিজ্ঞানমনস্কতা তথা বৈজ্ঞানিক ধ্যান ধাৰণাই শিক্ষাৰ স্বাভাৱিকতাক বিকশিত কৰি মানসিক স্বাস্থ্যক সুস্থ সবল কৰে। সেয়ে ড° শইকীয়াই অসম চৰকাৰক শীঘ্ৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে পাঠ্যক্ৰমত পাঠ অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনায় ৷ এই অনুষ্ঠানতেই এক প্ৰশ্নোত্তৰ শিতানত উপস্থিত স্থানীয় সামাজিক নেতাসকলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তন্ন তন্নকৈ ড° শইকীয়াই দিয়ে ৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক সংগঠন ‘ব্ৰাডাৰ’ৰ কৰ্মী সকলে ডাইনী অন্ধবিশ্বাস, সোপাধৰা আৰু দলবদ্ধ আক্ৰমন সন্দৰ্ভত এলানি বাটৰ নাট প্ৰদৰ্শন কৰে।