ডঃ দিব্যজ্যোতি শইকীয়ালৈ ডাব্লিউ এইছ আৰ পি চি ‘ৰ আন্তঃৰাষ্ট্ৰীয় সম্মান

In ৰাজ্য
Umra Package

গুৱাহাটী

৩০ নৱেম্বৰ

বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক স্থিত মূখ্য কাৰ্যালয়ৰ সৌজন্য তথা আহ্বানমৰ্মে দেওবাৰে উক্ত আয়োগৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় অভিলেককাৰী মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সদস্য পদ আগবঢ়ায়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ে ইতিমধ্যে ডঃ দিব্যজ্যোতি শইকীয়াক মানৱতা সন্দৰ্ভত আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।

দুটা দশকজুৰি অন্ধবিশ্বাস, ডাইনী কাণ্ড আৰু সামগ্ৰীক অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তথা শান্তি, মানৱতা আৰু মানৱ অধিকাৰ হকে চলোৱা সংগ্ৰামৰ বাবে ডঃ দিব্যজ্যোতি শইকীয়ালৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হয়। দিল্লীৰ ইণ্ডিয়া ইন্টাৰনেচনেল চেণ্টাৰত অনুষ্ঠিত উক্ত অনুষ্ঠানত ভাৰতবর্ষৰ উপৰি ভাৰত শ্ৰীলংকাৰ উচ্চ আয়ুক্ত এইচ ই অস্তিন ফেৰান্দু, মিচিছিপি, পেনামা, এম্বেচিৰ ডেপুটি চীফ ৰিচাৰ্ড ভেৰেনা, দক্ষিণ আফ্ৰিকাৰ উচ্চ আয়ুক্ত মাথপেল’কে আদিকৰি আন্তৰ্জাতিক শীৰ্ষ পৰ্যায়ৰ বহু কেইজন ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে ইতিমধ্যে ডঃ দিব্যজ্যোতি শইকীয়াক লণ্ডস্থিত গ্লোবেল পিচ কাউন্সিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় “বিশ্ব শান্তি গ্লোবেল বঁটা ২০০২,” আৰু উক্ত অনুষ্ঠানে আগবঢ়াইছে চলিত বৰ্ষৰ গান্ধী জয়ন্তীৰ পৰা এবছৰৰ বাবে গ্লোবেল পিচ এম্বেচাদৰৰ সন্মান। ইয়াৰ উপৰি ডঃ দিব্যজ্যোতি শইকীয়াই বহু কেইটা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ লগতে ষাঠি তাতকৈ অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

You may also read!

Rang De Basanti : ৰং দে বসন্তী ধাবা-ডাইনাৰত নতুন মেন্যু, নৱ পৰিৱেশ

গুৱাহাটী : গুৱাহাটীস্থিত জনপ্ৰিয় উত্তৰ ভাৰতীয় ৰেষ্টুৰেণ্ট ৰং দে বসন্তী (Rang De Basanti) আৰবান ধাবা এতিয়া হৈ পৰিছে ৰং দে

Read More...

Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত

Read More...

Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি

নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও

Read More...

Mobile Sliding Menu