আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৩০ নৱেম্বৰ

শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী লক্ষীনন্দন গগৈয়ে চৰকাৰী চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পূৰ্বে দেওবাৰে সন্ধিয়া শিৱসাগৰ ডি চি বেডমিণ্টন একাডেমিয়ে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। উক্ত অনুষ্ঠানতে শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘয়েও উপায়ুক্ত লক্ষীনন্দন গগৈক বিদায় সম্ভাষণ জনায়।

শিৱসাগৰ ডি চি বেডমিণ্টন একাডেমিৰ অভিভাৱিকা তথা শিৱসাগৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপিকা মঞ্জুমণি দাসে আঁত ধৰা অনুষ্ঠানত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকা , সম্পাদক মনোজ কুমাৰ গগৈ, বিহংগী ভাগৱতী দাসৰ লগতে প্ৰশিক্ষক, কেইবাগৰাকী অভিভাৱকে বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত উপায়ুক্ত লক্ষীনন্দন গগৈয়ে চৰকাৰী চাকৰি জীৱনৰ বহু অভিজ্ঞতা, কৰ্মৰাজি আৰু সাংস্কৃতিক জীৱনৰ কিছু স্মৃতি সজীৱ কৰি মননশীল ভাষণ প্ৰদান কৰি সকলোকে অনুপ্ৰাণিত কৰি তোলে। অনুষ্ঠানত উদ্যোক্তা সকলে সাংবাদিক ৰূপজ্যোতি সন্দিকৈ আৰু ডিলিষ্টান খানক সম্বৰ্ধনা জ্ঞাপন কৰে।