ফজলুৰ ৰহমান

সোণতলী

৮ এপ্ৰিল

সোণতলীত ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে বকোৰ বিধায়িকা নন্দিতা দাসৰ স্বামী। ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ পৰিয়ালৰ লোক সকলক আৰ্থিক সহায়ৰ হাত আগবঢ়ালে বকোৰ বিধায়িকা নন্দিতা দাসৰ স্বামী তথা অৱসৰপ্ৰাপ্ত বন বিষয়া ভবেশ চন্দ্ৰ দাসে৷

দক্ষিণ কামৰূপৰ সোণতলীত তীব্ৰবেগী ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দি বকোৰ বিধায়কা নন্দিতা দাসৰ স্বামী তথা অৱসৰপ্ৰাপ্ত বন বিষয়া ভবেশ চন্দ দাসে আৰ্থিক সহায় আগবঢ়াই। সোণতলীত ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল সমূৰ ভিতৰত শেলেসুঁতি, পুৰাণগাঁও, ছমৰীয়াপাম, মাহতলী আদি গাঁৱৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ ল’বলৈ গাঁও সমূহত উপস্থিত হয় বিধায়িকা নন্দিতা দাসৰ স্বামী তথা অৱসৰপ্ৰাপ্ত বন বিষয়া ভৱেশ চন্দ্ৰ দাস। ক্ষতিগ্ৰস্ত হোৱা অঞ্চল কেইটাৰ একাংশ দৰিদ্ৰ পৰিয়াললৈ নিজাববীয়াকৈ আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়ায় বকোৰ বিধায়িকা নন্দিতা দাসৰ স্বামী তথা অৱসৰপ্ৰাপ্ত বন বিষয়া ভবেশ চন্দ্ৰ দাসে৷

উল্লেখ্য যে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত অহা ভয়ংকৰ ধুমুহাই সোণতলীৰ বহু অঞ্চলৰ ৰাইজৰ ঘৰ-দুৱাৰ উৰুৱাই নিয়াৰ লগতে বহু বিদ্যালয়-মহাবিদ্যালয়ৰ চাঁদ ছিঙি লৈ যায়। তীব্ৰ বেগী ধুমুহা আৰু শিলা বৃষ্টিৰ ফলত অঞ্চলটোত কেইবাগৰাকী লোক আহত হোৱা বুলিও জানিব পৰা গৈছে। ধুমুহাৰ পিছৰে পৰা সোণতলী অঞ্চলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।