পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ স্কুল কিট বিতৰণ

সোণতলী,১ মেঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সন্থা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৰাজ্যিক আৰু আঞ্চলিক পৰ্যায়ৰ কৰ্মকৰ্তা সকলে দক্ষিণ কামৰূপৰ গৰৈমাৰীত স্কুল চলো অভিযান নামেৰে এখন সভা অনুষ্ঠিত কৰে৷ গৰৈমাৰী বজাৰস্থিত ৰাজহুৱা পাৰ্কত অনুষ্ঠিত হোৱা স্কুল চলো সজাগতা সভাত পপুলাৰ ফ্ৰণ্টৰ অসম ৰাজ্যিক সম্পাদক আইনুদ্দিন আহমেদ, পূব কামৰূপ জিলাৰ সভাপতি জলিমুদ্দিন আহমেদ, সমাজকৰ্মী মনিৰউদ্দিন আহমেদ, অসম ৰাজ্যিক সদস্য জিয়াউল হক আৰু গৰৈমাৰী আঞ্চলিক সভাপতি হাবেল উদ্দিনৰ উপস্থিতিত বিভিন্ন বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত ১০০ টাকৈ স্কুল কিট বিতৰণ কৰে৷ উল্লেখ্য যে, পপুলাৰ ফ্ৰণ্টৰ আঞ্চলিক সমিতি ক্ৰমে ছাম্পুপাৰা, মহচৰা, বদলা ৰাংগাপানী, টুপামাৰী আৰু মহেশখুটিতো একেলগে স্কুল চলো অভিযান আৰম্ভ কৰা বুলি গৰৈমাৰী আঞ্চলিক সম্পাদক ৰহিজ উদ্দিনে জানিবলৈ দিয়ে৷